আন্তৰ্জাতিক প্ৰীতি মেছত আৰ্জেন্টিনাৰ জয়, দেশৰ হৈ ৯৯ সংখ্যক গ'ল মেছিৰ

author-image
Asomiya Pratidin
New Update
আন্তৰ্জাতিক প্ৰীতি মেছত আৰ্জেন্টিনাৰ জয়, দেশৰ হৈ ৯৯ সংখ্যক গ'ল মেছিৰ

ডিজিটেল ডেস্ক : ২০২২ বৰ্ষৰ ১৮ ডিছেম্বৰত ফিফা বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হৈছিল আৰ্জেন্টিনা । সন্মুখত আছিল ডিফেণ্ডিং চেম্পিয়ন তথা মহা্ পৰাক্ৰমী ফ্ৰান্স । শেহতীয়াকৈ ফ্ৰান্সৰ ফুটবল দলৰ উত্থানৰ কাহিনী সম্পৰ্কে সকলো জ্ঞাত আৰু আন ফুটবল দলসমূহৰ ভয়ৰ কাৰণো । ফ্ৰান্সৰ সন্মুখত এটাই প্ৰত্যাহ্বান । খেল পথাৰত নীলা-বগা আঁচ পৰা ১০ জন খেলুৱৈ আছে যি মনে-প্ৰাণে মেছিক বিশ্বকাপ যিকোনো প্ৰকাৰে জিকাবলৈ সাজু । এই লক্ষ্য, বিশ্বকাপ জিকাৰ লক্ষ্যতকৈ সেই সময়ত বহু গুণে ডাঙৰ । যিদৰে শচীন তেণ্ডুলকাৰক বিদায়ী বেলাত দেশে উপহাৰ দিলে ২০১১ চনৰ বিশ্বকাপ জয়ৰ সোৱাদ ।

সেই খেলত সকলোৱে আশা কৰা ধৰণেই জিকিলে আৰ্জেন্টিনা । মুকুটবিহীন সম্ৰাটৰ শিৰত অৱস্থান কৰিলে মুকুটে । সমগ্ৰ অ‍াৰ্জেন্টিনাত এক আনন্দৰ বন্যা, উৎসৱমুখৰ পৰিৱেশ ।

তাৰ ঠিক তিনিটা মাহ পাছত ২৪ মাৰ্চ,২০২৩ ত বিশ্বকাপ জয়ৰ পিছত প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিল আৰ্জেন্টিনাৰ দলটো । একেই দল, একেই উৎসাহ । এই খেল আছিল আৰ্জেন্টিনা আৰু পানামাৰ মাজত প্ৰীতি খেল । কিন্তু আৰ্জেন্টিনাৰ বাবে আছিল বিশ্বকাপ জয়ী হয় ঘৰলৈ উভতা এদল সৈনিকক সম্ভাষণ জনোৱা সকলোতকৈ সহজ উপায় । এই প্ৰীতি খেল চাবলৈ উপস্থিত আছিল ৮৪ হাজাৰ দৰ্শক । ৫ ঘন্টা আগতেই খুলি দিয়া হৈছিল ষ্টেডিয়ামৰ গেট । বৃহৎ পৰ্দাত দেখুওৱা হৈছিল ‍আৰ্জেন্টিনাৰ বিশ্বকাপ জয়ৰ ভিডিঅ' । জাতীয় সংগীত বাজি উঠোতেই সমগ্ৰ ষ্টেডিয়ামে একেলগে সুৰ মিলালে, অশ্ৰু দেখা গ'ল আৰ্জেন্টিনাৰ বিশ্বকাপৰ অন্যতম নায়ক গ'লৰক্ষক মাৰ্টিনেজৰ চকুত । এই গৌৰৱ আৰু আনন্দ বুজি উঠাটো সকলোৰে বাবে সম্ভৱ নহয় ।

কিন্তু এই খেলতে আন এক অভিলেখৰ সৃষ্টি কৰিলে মেছিয়ে । মেছিৰ গ'লেৰে লোৱা অগ্ৰগতিত খেলখনত জয়ী হয় আৰ্জেন্টিনা আৰু ইয়াৰ সৈতেই দেশৰ হৈ মেছিয়ে বৰ্তমানলৈ দিয়া গ'লৰ সংখ্যা হয় ৯৯ টা । আনহাতে ক্লাব আৰু জাতীয় কেৰিয়াৰত মেছিৰ গ'লৰ সংখ্যা হয় গৈ ৮০০ । উৎসৱমুখৰ পৰিৱেশৰ মাজতেই এক নতুন ব্যক্তিগত অভিলেখ স্পৰ্শ কৰিলে মেছিয়ে ।

argentina lionel messi