ডিজিটেল ডেস্ক : শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে এছেজ শৃংখলা। ইংলেণ্ডত অনুষ্ঠিত হৈছে এই বৰ্ষৰ এছেজ শৃংখলা। এডবাষ্টনত অনুষ্ঠিত হৈছে শৃংখলাৰ প্ৰথমখন মেচ।
প্ৰথম দিনটোত ঘৰৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দলটোৱে সুন্দৰ আৰম্ভণি কৰিছে। প্ৰথমটো দিনৰ অন্তত প্ৰথম ইনিংছত ঘৰুৱা দলটোৱে ৩৯৩ ৰান সংগ্ৰহ কৰে।
এই ৰানৰ মূলতে অভিজ্ঞ জ' ৰুটৰ দৰ্শনীয় শতক। ৰুটে দললৈ ১১৮ (অপঃ) ৰানৰ বৰঙণি যোগায়। আনহাতে ক্ৰাউলি আৰু বেয়াৰ্ষ্ট'ৱে অৰ্ধশতকীয় ইনিংছ উপহাৰ দিয়ে।
ইফালে অষ্ট্ৰেলিয়াৰ হৈ নাথান লিয়'নে ৪টা উইকেট দখল কৰে। হেজলউডে লাভ কৰে ২টাকৈ উইকেট।
অন্যহাতে আলহী দল অষ্ট্ৰলিয়াই প্ৰথম ইনিংছ আৰম্ভ কৰি ৪ অ'ভাৰত ১৪ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছে। ক্ৰিজত আছে অ'পেনাৰদ্বয় ডেভিদ ৱাৰ্নাৰ আৰু উচমান খাৱাজা।
Also Read: জাপানত যৌন অপৰাধ আইনৰ সংস্কাৰ