ডিজিটেল ডেস্ক : এছিয়ান গেমছ-২০২৩ত দেখিবলৈ পোৱা যাব ভাৰতীয় ক্ৰিকেট দলক। প্ৰতিযোগিতাখনত ভাগ ল'ব পুৰুষ-মহিলা দুয়োটা দলে। ২০১৪ চনৰ পিচত এছিয়ান গেমছলৈ উভতি আহিছে ক্ৰিকেট খেল।
সেয়ে প্ৰতিযোগিতাখনত ক্ৰিকেটৰ অন্তৰ্ভুক্তিয়ে দৰ্শকক বেচ আমোদ দিব। অহা ২৩ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে চীনত অনুষ্ঠিত হ'ব এছিয়ান গেমছ-২০২৩। টি-২০ সংস্কৰণৰ খেল অনুষ্ঠিত হ'ব এছিয়ান গেমছ-২০২৩ত।
ভাৰতৰ মাটিত অনুষ্ঠিতব্য এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি চীনলৈ দ্বিতীয় শাৰীৰ দল পঠিয়াব বি চি চি আয়ে। গতিকে উক্ত প্ৰতিযোগিতাত দেখিবলৈ পোৱা নাযাব বিৰাট কোহলি-ৰোহিত শৰ্মা আদিৰ দৰে তাৰকা খেলুৱৈক।
শুকুৰবাৰে নিশা বি চি চি আয়ে এছিয়ান গেমছৰ বাবে ভাৰতীয় দল ঘোষণা কৰে। ঘোষিত পুৰুষৰ দলটোক নেতৃত্ব প্ৰদান কৰিব প্ৰতিভাৱান খেলুৱৈ ঋতুৰাজ গাইকোৱাড়ে। আনহাতে মহিলা দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে।
বি চি চি আয়ে ঘোষণা কৰা দল দুটা উল্লেখ কৰা হ'ল।
ঘোষিত দল(পুৰুষ) : ঋতুৰাজ গাইকোৱাড় (অধিনায়ক),যশস্বী জয়ছোৱাল,ৰাহুল ত্ৰিপাঠী,তিলক বাৰ্মা,ৰিংকু সিং,জীতেশ শৰ্মা (উইকেট ৰক্ষক),ৱাশ্বিংটন সুন্দৰ,শ্বাহবাজ আহমেদ,ৰবি বিষ্ণই,আৱেশ খান,অৰ্শদ্বীপ সিং,মুকেশ কুমাৰ,শিৱম মাভী,শিৱম ডুবে আৰু প্ৰভিস্মৰণ সিং ((উইকেট ৰক্ষক)।
ষ্টেণ্ডবাই - য়শ ঠাকুৰ,ছাই কিশোৰ,ভেংকাটেশ আয়াৰ,দীপক হুদা আৰু ছাই সুদৰ্শন।
ঘোষিত দল (মহিলা) : হৰমনপ্ৰীত কৌৰ ( অধিনায়ক),স্মৃতি মান্ধানা (সহঃ অধিনায়ক),শেফালী বাৰ্মা,জেমিমাহ ৰড্ৰিগাছ,দিপ্তী শৰ্মা,ৰিচা ঘোষ (উইকেট ৰক্ষক),অমনজত কৌৰ,দেৱীকা বৈদ্য,অঞ্জলী চাৰ্বানী,তিতাস সাধু,ৰাজেশ্বৰী গাইকোৱাড়,মিন্নু মনি,কণিকা আহুজা,উমা ছেত্ৰী (উইকেট ৰক্ষক) আৰু অনুসা বাৰেড্ডী।
NEWS 🚨- Team India (Senior Men) squad for 19th Asian Games: Ruturaj Gaikwad (Captain), Yashasvi Jaiswal, Rahul Tripathi, Tilak Varma, Rinku Singh, Jitesh Sharma (wk), Washington Sundar, Shahbaz Ahmed, Ravi Bishnoi, Avesh Khan, Arshdeep Singh, Mukesh Kumar, Shivam Mavi, Shivam…
— BCCI (@BCCI) July 14, 2023
Also Read: অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰক প্ৰহাৰ খালিস্তান সমৰ্থকৰ