এছিয়ান গেমছত ভাৰতীয় দলৰ পতাকা বহন কৰিব অসম কন্যা লাভলীনাই...

এছিয়ান গেমছত ভাৰতীয় দলৰ পতাকা বহন কৰিব অসম কন্যা লাভলীনাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ আকৌ এবাৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিব অসম কন্যা লাভলীনা বৰগোহাঁই। ২৩ ছেপ্টেম্বৰৰ পৰা চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত হ'ব এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগীতা এছিয়ান গেমছ।

এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা বহন কৰিব অসম কন্যা লাভলীনাই। বুধবাৰে ভাৰতীয় অলিম্পিক সন্থাই এই কথা সদৰি কৰি কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা এইবাৰ এছিয়ান গেমছত যুটীয়াভাৱে বহন কৰিব লাভলীনা আৰু ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে।

চীনত অনুষ্ঠিত এই এছিয়ান গেমছত ভাৰতৰ মুঠ ৬৫৫ গৰাকী খেলুৱৈয়ে অংশ ল'ব। ভাৰতীয় দলৰ ছীফ দ্যা মিছন ভূপেন্দ্ৰ সিং বাজোৱাই সংবাদ মাধ্যমক সদৰি কৰা মতে এইবাৰে এছিয়ান গেমছলৈ ভাৰতে সৰ্বকালৰ বৃহত দল প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, লাভলীনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰোপৰি চলিত বৰ্ষত অনুষ্ঠিত বিশ্বৰ মহিলা বক্সিং চেম্পিয়নশ্বিপত ৭৫ কেজি শাখাত সোণৰ পদক দখল কৰিছিল লাভলীনাই।

ইফালে দেশৰ এগৰাকী তাৰকা হকী খেলুৱৈ হৰমন প্ৰীত। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় হকী দলৰ অংশীদাৰ আছিল এইগৰাকী বিশ্ব পৰ্যায়ৰ খেলুৱৈ। উল্লেখ্য যে, ২০১৮ ত জাক্ৰাতাত অনুষ্ঠিত এছিয়ান গেমছৰ শুভাৰম্ভণী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা বহন কৰিছিল নীৰজ ছোপ্ৰাই।

এছিয়ান গেমছত ভাৰতীয় দলৰ পতাকা বহন কৰিব অসম কন্যা লাভলীনাই...
৪৫৪ গৰাকী সাংসদৰ সমৰ্থনত লোকসভাত গৃহীত 'মহিলা সংৰক্ষণ বিধেয়ক'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in