ৰিয়ান পৰাগৰ নেতৃত্বাধীন অসমৰ হাতত পৰাস্ত সঞ্জু চেমচেনৰ নেতৃত্বাধীন কেৰালা...

ৰিয়ান পৰাগৰ নেতৃত্বাধীন অসমৰ হাতত পৰাস্ত সঞ্জু চেমচেনৰ নেতৃত্বাধীন কেৰালা...
ৰিয়ান পৰাগৰ নেতৃত্বাধীন অসমৰ হাতত পৰাস্ত সঞ্জু চেমচেনৰ নেতৃত্বাধীন কেৰালা...
Published on
Updated on

ডিজিটেল ডেস্কঃ বি চি চি আইৰ ঘৰুৱা টুৰ্ণামেণ্ট ছৈয়দ মুস্তাক আলী ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ এখন মেচত আজি শক্তিশালী কেৰালাক ২ উইকেটত পৰাস্ত কৰে অসমে। মেচখনত প্ৰথমে টছত জয়লাভ কৰি অসমৰ অধিনায়ক ৰিয়ান পৰাগে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ বিপৰীতে অসমৰ আমন্ত্ৰণত প্ৰথমে বেটিং কৰিবলৈ আহি সঞ্জু চেমচনৰ নেতৃত্বাধীন কেৰালা দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১২৭ ৰাণ সংগ্ৰহ কৰে। মেচখনত অসমৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ সন্মুখত কেৰালাৰ টপ অৰ্ডাৰৰ লগতে মিডল অৰ্ডাৰৰ বেটছমেনসকল বৰ বেছি সময়ত ক্ৰিজত থাকিব নোৱাৰিলে।

দলটোৰ হৈ ৰোহন কুন্নুমালে ৩২ বলত ৩১ ৰাণ, আব্দুল বছিষ্ঠে ৩১ বলত ৪৬ ৰাণ, শচীন বেবীয়ে ১৭ বলত ১৮ ৰাণ কৰাৰ বিপৰীতে আন কোনো এজন বেটছমেনে দুটা সংখ্যাৰ ঘৰত ৰাণ কৰিবলৈ সক্ষম নহ'ল। অধিনায়ক সঞ্জু চেমচনো ৭ বলত ৮ ৰাণ কৰি থকাৰ সময়ত আউট হয়।

অসমৰ হৈ অভিনাৱ চৌধুৰীয়ে ২ টা আৰু মৃনণ্ময় দত্ত, ৰিয়ান পৰাগ, আকাশ সেন গুপ্তা, শিৱ শংকৰ ৰয়ে এটাকৈ উইকেট দখল কৰে। ইয়াৰ বিপৰীতে অসমে নিৰ্ধাৰিত লক্ষ্য আগত লৈ ৩ টা বল বাকী থকা অৱস্থাত ৮ উইকেট হেৰুৱাই ১৩০ ৰাণ কৰি বিজয় সাব্যস্ত কৰে।

অধিনায়ক ৰিয়ান পৰাগৰ বেটৰ পৰা পুনৰ আহে ৫৭ ৰাণৰ এটা দৰ্শনীয় অৰ্ধশতক। তেওঁ ৩৩ টা বলত এটা চাৰি আৰু ৬ টা ছয়েৰে অৰ্ধশতকীয় ইনিংছটো সজায়। দলটোৰ হৈ প্ৰদ্যুন্ম শইকীয়াই ২১, সুমিত ঘাদিগাওংকাৰে ১৪, শিৱ শংকৰ ৰয়ে ১৬ ৰাণ সংগ্ৰহ কৰে।

ৰিয়ান পৰাগৰ নেতৃত্বাধীন অসমৰ হাতত পৰাস্ত সঞ্জু চেমচেনৰ নেতৃত্বাধীন কেৰালা...
ED ক বিজেপিৰ পুলিং এজেণ্ট কৰিবলৈহে বাকী- সঞ্জয় ৰাউত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in