পীযুষ হাজৰীকাৰ উপস্থিতিত অসম মল্লযুঁজ সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

পীযুষ হাজৰীকাৰ উপস্থিতিত অসম মল্লযুঁজ সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন...
পীযুষ হাজৰীকাৰ উপস্থিতিত অসম মল্লযুঁজ সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামস্থিত ৰাধা গোৱিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দ্বিতীয় মহলাৰ নিজ কাৰ্যালয়ত আজি অসম মল্লযুঁজ সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নৱ নিযুক্ত সভাপতি ৰাতুল শৰ্মাৰ পৌৰহিত্যত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত অসম চৰকাৰৰ মন্ত্ৰী তথা অসম মল্লযুঁজ সন্থাৰ মুখ্য পৃষ্ঠপোষক, অসম অলিম্পিক সন্থাৰ উপ সভাপতি পীযুষ হাজৰীকা উপস্থিত হৈ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি তথা খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে অসমৰ খেলুৱৈৰ পক্ষত থকাৰ কথা ব্যক্ত কৰে।

কাৰ্যনিৰ্বাহক সভাত অসমৰ ২৬খন জিলাৰ দুগৰাকীকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাৰ আঁত ধৰে সন্থাৰ সাধাৰণ সম্পাদক গৌৰাঙ্গ ৰয়ে। সভাত অসম মল্লযুঁজ সন্থাৰ মুখ্য উপদেষ্টা উজ্জ্বল বৰুৱা, অসম টেবুল টেনিছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ দাস, বিশিষ্ট সমাজকৰ্মী গোপাল‌ জালান, অভিজিৎ‌ নাথ, আকাশ ফুকন আদি উপস্থিত থাকে।

আগন্তুক সময়ত অসমৰ প্ৰতিভাৱান মল্লযুঁজাৰুসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ প্ৰচেষ্টা চলাই যাব বুলি অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই জানিবলৈ দিয়ে। উল্লেখ্য যে, অসম মল্লযুঁজ সন্থাক ৰাষ্ট্ৰীয় মল্লুযুঁজ সন্থাই বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰাত সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এক আবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় মল্লযুঁজ সমিতি গঠনৰ নিৰ্বাচন প্ৰক্ৰিয়াত বাধা আৰোপ কৰিছে ন্যায়ালয়ে।

অসমৰ খেলুৱৈৰ স্বাৰ্থত ন্যায়িক যুঁজ অব্যাহত থাকিব বুলি অসম মল্লযুঁজ সন্থাৰ সভাপতি, সম্পাদকে জানিবলৈ দিয়ে।

পীযুষ হাজৰীকাৰ উপস্থিতিত অসম মল্লযুঁজ সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন...
ফাষ্টফুড খোৱাৰ পূৰ্বে সাৱধানঃ বাৰ্গাৰ খাই মৃত্যু হ'ল গোলাঘাটৰ মহিলাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in