ডিজিটেল সংবাদ, বটদ্ৰৱা: হিমাচল প্ৰদেশৰ উনাত যোৱা ২৪ অক্টোবৰ পৰা ২৭ অক্টোবৰলৈ অনুষ্ঠিত হোৱা ৪৯ সংখ্যক ছাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন ক্রীড়া প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে উল্লেখনীয় সফলতা লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্রতিযোগিতাৰ যোগাসনৰ ল'ৰাৰ ৮ ৰ পৰা ১০ বছৰ বয়সৰ শিতানত বজালীৰ অৰ্ণৱ শৰ্মাই ব্ৰঞ্জৰ পদক, ১৪ ৰ পৰা ১৬ বছৰ বয়সৰ শিতানত ছোৱালীৰ শাখাত নগাঁৱৰ উদিতা ৰাণী বৰাই ব্ৰঞ্জ আৰু ৰিডমিক শাখাত নগাঁৱৰ সঞ্চিতা কুৰি আৰু ছয়ন্টিকা কুৰিয়ে ৰূপৰ পদক অৰ্জন কৰিছে।
ইয়াৰোপৰি অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা সদ্য নিৰ্বাচিত যোগ ফেডাৰেচন অফ ইণ্ডিয়াৰ উপ-সভাপতি প্ৰভাত চন্দ্ৰ বৰাই জনোৱা অনুসৰি প্ৰতিযোগিতাখনত প্ৰিন্সি দেবী, চয়ন্টিকা কুৰি, প্ৰগডিছ ছাহা, দৃশনা জে আৰ চান্দা, আৰিহান চক্ৰৱৰ্তী, কুঁহি ডেকা, বিনীত চৌধুৰী, সন্দীপ শৰ্মা, ঋতু মণি ডেকা, তিতিক্ষা মধুকল্য, শিৱম জৰা ধাৰা, ৰিছিকা কৌৰ, সঞ্চিতা কুৰি, মহী খিট, ছৌবিক দাস, জয়া ৰাণী আদিয়ে বিভিন্ন শাখাত চতুৰ্থৰ পৰা ষষ্ঠ স্থান দখল কৰিছে।
আনহাতে ৪৯ সংখ্যক এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন পৰিচালনা কৰিব বাবে ৰেফাৰী হিচাপে অসমৰ পৰা বিচিত্ৰ বৰা, নিজৰা বৰা, জয়া ৰাণী, ৰ'জ লীন ব্ৰহ্ম, ভাৰ্গব কলিতা, আশীস নাগ, ড০ তুলুমণি দেবী, প্ৰাণজিৎ বৰা, বিনীতা বৰা, ৰুমী হাজৰিকাও গৈছিল। দলটোৰ সফলতাত অসম যোগ সংস্থাৰ সমূহ বিষয়ববীয়াই শুভেচ্ছা জনাইছে।
Also Read: ঘৰৰ মাটিত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ : টেষ্ট শৃংখলা দখল আলহী দল নিউজিলেণ্ডৰ