শক্তিশালী ৰূপত অষ্ট্ৰেলিয়া, প্ৰথম দিনা সংগ্ৰহ ৩২৭/৩ ৰান

author-image
Asomiya Pratidin
New Update
শক্তিশালী ৰূপত অষ্ট্ৰেলিয়া, প্ৰথম দিনা সংগ্ৰহ ৩২৭/৩ ৰান

ডিজিটেল ডেস্ক : দুয়ো দলৰে নিৰপেক্ষ গ্ৰাউণ্ড অ'ভেল । যাতে কোনো দলেই সুযোগ গ্ৰহণ কৰিব নোৱাৰে পিটছৰ । কিন্তু ইংলেণ্ড, অষ্ট্ৰেলিয়াৰ পিটছ বেগী বলাৰৰ বাবে পূৰ্বৰে পৰাই বিখ্যাত । যি ক্ষেত্ৰত অষ্ট্ৰেলিয়া ভাৰততকৈ এখোজ আগত । ইয়াৰ ওপৰিও খেলৰ আৰম্ভণিত ৬ মিলিমিটাৰ দৈৰ্ঘ্যৰ ঘাঁহ থকা পিটছ যে বেগী বলাৰৰ সহায়ক হৈ উঠিব সেই কথা জানিছিল সকলোৱে । যাৰ বাবে টছত জয়ী হোৱা দলটোৱে প্ৰথম বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটো নিশ্চিত আছিল । ভাৰতে টছত জিকি সেয়াই কৰিলে ।

আৰম্ভণিতেই চিৰাজ আৰু ছামিৰ যুটীয়া আক্ৰমণে অষ্ট্ৰেলিয়া দলক শলথেকত পেলাইছিল । প্ৰথম স্পেলতেই শূণ্য ৰানত আউট হৈছিল অ'পেনাৰ খাৱাজা আৰু ব্যক্তিগত ৪৩ ৰানত ৱাৰ্নাৰ । কেৱল ৭৬ ৰানৰ ভিতৰতেই তিনিটাকৈ উইকেট হেৰুওৱা অষ্ট্ৰেলিয়াৰ ছন্দপতন ঘটা বুলি অনুভৱ কৰিছিল সকলোৱে । কিন্তু ধীৰে ধীৰে সলনি হ'ল প্ৰেক্ষাপট ।

আই পি এল খেলি ভাগৰি পৰিছিল ভাৰতীয় দলটো । ভাৰতীয় বলিং বিভাগত সেইয়া খুব সুন্দৰকৈ প্ৰতিফলিত হ'ল প্ৰথম দিনাই । শ্বাৰদুল ঠাকুৰ আৰু উমেশ যাদৱৰ বলিং আছিল নিষ্প্ৰভ । আনহাতে, চতুৰ্থ উইকেটৰ যুটিত হেড আৰু স্মিথ যুটিয়ে আৰম্ভণিতেই অতি সাৱধানতাৰে খেলি পাছলৈ আক্ৰমণাত্মক ৰূপ লৈ ভাৰতীয় বলিঙক বিষহীন কৰি তোলে ।

হেডৰ বিস্ফোৰক বেটিঙৰ বিপৰীতে স্মিথে অতি সাৱধানে দলৰ স্ক'ৰৰ গুৰি ধৰে । যাৰ ফলত প্ৰথম তিনিটা উইকেটৰ পাছত আৰু উইকেট ল'বলৈ সক্ষমেই নহ'ল ভাৰতীয় দলটো । ৩ উইকেটৰ বিনিময়ত ৩২৭ ৰান কৰা অষ্ট্ৰেলিয়াৰ জয়ৰ পক্ষত ক্ৰিকেট বিশেষজ্ঞ সকল । দলটো জয়ী নহ'লেও খেলখন ড্ৰ' হোৱাটো খাটাং । নিশ্চিত পৰাজয়ৰ মুখৰ পৰা ট্ৰ'ফী কাঢ়ি অনাটো ভাৰতীয় দলৰ বাবে অসম্ভৱ নহয় যদিও যথেষ্ট কষ্ট কৰিব লাগিব ইয়াৰ বাবে ।

Also Read: ক্ষন্তেক সময় পিছতেই আৰম্ভ হ'ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, পেচ বলাৰৰ বাবে নিৰ্মাণ কৰা হৈছে পিটছ...

india australia test championship