ICC ক্ৰিকেট বিশ্বকাপঃ কলকাতা, মুম্বাই তিৰুৱন্তপুৰম থাকিব দেৱজিৎ শইকীয়াৰ দায়িত্বত

ICC ক্ৰিকেট বিশ্বকাপঃ কলকাতা, মুম্বাই  তিৰুৱন্তপুৰম থাকিব দেৱজিৎ শইকীয়াৰ দায়িত্বত
ICC ক্ৰিকেট বিশ্বকাপঃ কলকাতা, মুম্বাই তিৰুৱন্তপুৰম থাকিব দেৱজিৎ শইকীয়াৰ দায়িত্বত
Published on
Updated on

ডিজিটেল ডেস্কঃ বি চি চি আইৰ যুটীয়া সচিব তথা প্ৰাক্তন ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াৰ কান্ধত গধূৰ দায়িত্ব। ভাৰতত অনুষ্ঠিত হ'বলগীয়া আই চি চি বিশ্বকাপৰ মেচ সফল কৰি তোলাৰ বাবে তিনিখনকৈ হ'ষ্ট চিটিৰ দায়িত্ব দেৱজিৎ শইকীয়াৰ কান্ধত।

সকলো ফালৰ পৰা যাতে এই মেচসমূহ সূচাৰু ৰূপে অনুষ্ঠিত হয়, কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই সকলোবোৰ দিশ চাব লাগিব শইকীয়াই। উল্লেখ্য যে, আই চি চি এদিনীয়া বিশ্বকাপ সফলভাৱে অনুষ্ঠিত কৰাত কোনো কৃপনালি কৰিব বিচৰা নাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে।

প্ৰতিযোগিতাখন সকলো ফালৰ পৰা সফল কৰিবলৈ ব'ৰ্ডে দুখন উপ-কমিটী গঠন কৰিছে। ইয়াৰে এখন কমিটী আন্তঃগাঁথনি নিৰ্মাণ তথা উন্নয়নৰ বাবে অৰ্থৰ প্ৰয়োজন হ'লে তাত অনুমোদন জনাবলৈ গঠন কৰা হৈছে।

আনহাতে আনখন কমিটী গঠন কৰা হৈছে ক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে। অৰ্থাৎ বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'বলগীয়া ষ্টেডিয়াম পৰ্যবেক্ষণৰ বাবে গঠন কৰা হৈছে এই কমিটী। এই কমিটীখনৰ গুৰুত্ব অপৰিসীম বুলি জানিব পৰা গৈছে।

এই কমিটীত আছে বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নী, সচিব জয় শ্বাহ, কোষাধক্ষ্য আশীষ শ্বেলাৰ, উপ-সভাপতি ৰাজীৱ শুক্লা, যুটীয়া সচিব দেৱজিৎ শইকীয়া। এই কমিটীয়ে বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'বলগীয়া ১২ খন ষ্টেডিয়াম নিজা পৰ্যবেক্ষণত ৰখাৰ উপৰিও প্ৰস্তুতি মেচ অনুষ্ঠিত হ'বলগীয়া ষ্টেডিয়ামসমূহো পৰ্যবেক্ষণ কৰিব।

একোজন সদস্যৰ হাতত ২ খনৰ পৰা ৩ খন হ'ষ্ট চিটিৰ দায়িত্ব প্ৰদান কৰা হৈছে। সেই অনুসৰি বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীৰ পৰ্যবেক্ষণত থাকিব আহমেদাবাদ আৰু চেন্নাই।

আহমেদাবাদত বিশ্বকাপৰ উদ্বোধনী মেচ অনুষ্ঠিত হোৱাৰ উপৰিও ফাইনেল মেচখন অনুষ্ঠিত হ'ব। আনহাতে ইয়াতেই ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ মেচখন অনুষ্ঠিত হোৱাৰ কথা।

সেই অনুসৰি এই ষ্টেডিয়ামৰ গুৰুত্ব কিমান সেয়া নকলেও বুজিব পাৰিব। সচিব জয় শ্বাহৰ দায়িত্বত থাকিব দিল্লী আৰু ধৰ্মশালা। সেইদৰে আশীষ শ্বেলাৰৰ পৰ্যবেক্ষণত থাকিব পুনে, লক্ষ্ণৌ আৰু গুৱাহাটী।

ৰাজীৱ শুক্লাৰ পৰ্যবেক্ষণত থাকিব হায়দৰাবাদ আৰু বেংগালুৰু। আনহাতে অসমৰ দেৱজিৎ শইকীয়াৰ দায়িত্বত থাকিব মুম্বাই, কলকাতা আৰু  তিৰুৱন্তপুৰমৰ দৰে গুৰুত্বপূৰ্ণ ভেন্যু।

ইয়াৰোপৰি আন্তঃগাঁথনি সংক্ৰান্তিয় কমিটীত আছে আই পি এলৰ চেয়াৰমেন অৰুণ সিংহ ধুমাল, অনিৰুদ্ধ চৌধুৰী, প্ৰভতেজ ভাটিয়া, এ শংকৰ আদি। এইসকলৰ উপৰিও আন ৫ গৰাকী ব্যক্তিক এই কমিটীৰ সদস্য কৰা হ'ব। এই দুয়োখন কমিটীয়েই এতিয়া আই চি চি ক্ৰিকেট বিশ্বকাপ সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ICC ক্ৰিকেট বিশ্বকাপঃ কলকাতা, মুম্বাই  তিৰুৱন্তপুৰম থাকিব দেৱজিৎ শইকীয়াৰ দায়িত্বত
বন্ধ নহয় BVFCLৰ সাৰ উদ্যোগ : সাৰ মন্ত্ৰী মনসুখ মাণ্ডবিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in