ভাৰতৰ মাটিত অষ্ট্ৰেলিয়াৰ ৰানৰ পাহাৰ

এইখন মেচ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো বিশ্ব টেষ্ট চেস্পিয়নশ্বিপৰ ফাইনেললৈ যাবলৈ হ'লে ভাৰতীয় দলে বিজয় সাব্যস্ত কৰিবই লাগিব

author-image
Asomiya Pratidin
New Update
ভাৰতৰ মাটিত অষ্ট্ৰেলিয়াৰ ৰানৰ পাহাৰ

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছে ব'ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ট্ৰফী প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাৰ চাৰিখনীয়া টেষ্ট শৃংখলাৰ ২-১ৰ ব্যৱধানত ভাৰত আগবাঢ়ি আছে।

শৃংখলাৰ তৃতীয়খন মেচত ভাৰতক পৰাস্ত কৰি বিশ্ব টেষ্ট চেস্পিয়নশ্বিপত ইতিমধ্যে ফাইনেললৈ প্ৰথমটো দল হিচাপে যোগ্যতা অৰ্জন কৰিছে অষ্ট্ৰেলিয়াই। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ব'ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাৰ অন্তিম তথা চতুৰ্থখন মেচ।

এইখন মেচ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো বিশ্ব টেষ্ট চেস্পিয়নশ্বিপৰ ফাইনেললৈ যাবলৈ হ'লে ভাৰতীয় দলে বিজয় সাব্যস্ত কৰিবই লাগিব। নহ'লে ঘৰুৱা দলটোৱে আন দলৰ ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব। অন্তিমখন মেচত টছত জয়ী হৈ আলহী দলটোৱে পোনতে বেটিং কৰে।

আজি দ্বিতীয় দিনা দলটোৱে প্ৰথম ইনিংছৰ যৱনিকা পেলায়। মেচত ভাৰতীয় বলাৰসকলে নিয়ন্ত্ৰিত বলিং কৰে যদিও দুয়োটা দিনেই অষ্ট্ৰেলিয়াই বেট ধৰি ভাৰতৰ সন্মুখত ৰান পাহাৰ গঢ়ি তোলে। আজি দ্বিতীয়া দিনা অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই ৪৮০ ৰান সংগ্ৰহ কৰে।

আনহাতে ভাৰতৰ মাটিত প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে অষ্ট্ৰেলিয়াৰ উচমান খাৱাজাই। তেওঁ দলৰ হৈ ১৮০ ৰানৰ বৰঙণি যোগায়। আনহাতে দ্বিতীয় দিনা ভোজন বিৰতিৰ পাছত ঘৰুৱা দলটোৱে বেটিং কৰিবলৈ ক্ৰিজত নামে।

দলৰ ইনিংছ মুকলি কৰে অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰতিভাৱান বেটাৰ শুভমন গীলে। বাতৰি লিখা পৰলৈকে ভাৰতে বিনা উইকেটৰ বিনিময়ত ৩৪ ৰানত বেটিং কৰি আছে।

প্ৰথম ইনিংছত ভাৰতৰ হৈ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে ৬টা উইকেট দখল কৰে। উল্লেখ্য যে, উভয় দলক উৎসাহিত কৰাৰ বাবে মেচৰ প্ৰথম দিনা খেল উপভোগ কৰিবলৈ আহে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী।

Also Read: গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডই জোকাৰি গৈছে জামুগুৰিহাট

narendra modi cricket test cricket