ডিজিটেল সংবাদ কাছাৰঃ গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত ৪৭ সংখ্যক আন্তঃৰাজ্যিক দবা প্ৰতিযোগিতাৰ ফাইনেলত ১৩ বছৰ অনুৰ্ধ্বৰ ছোৱালীৰ শাখাত চেম্পিয়ন হৈছে কাছাৰৰ দেবাৰতি দে। ইয়াৰ পূৰ্বেও তিনিবাৰকৈ তেওঁ এই প্ৰতিযোগিতাখনত চেম্পিয়ন হৈছিল দেবাৰতি।
আনহাতে একেটা শাখাতে এইবাৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে গুৱাহাটীৰ অমিয়া গুপ্তা আৰু কাছাৰৰ আৰ্ছিয়া এনায়েত লস্কৰ। চতুৰ্থস্থান লাভ কৰিছে গুৱাহাটীৰ হৃদদিকা দাস। কাছাৰৰ দুয়োগৰাকী সফল খেলুৱৈৰ প্ৰশিক্ষক আছিল ৰাজদ্বীপ দাস।