কোনো মতে কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল...

কলম্বিয়াৰ বিৰুদ্ধে খেলিলে ড্ৰ'
কোনো মতে কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল...
কোনো মতে কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল...
Published on
Updated on

ডিজিটেল ডেস্কঃ চলি থকা কোপা আমেৰিকা প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত কোনোমতে প্ৰৱেশ কৰিলে ব্ৰাজিল। আজি অনুষ্ঠিত হোৱা গ্ৰুপ 'ডি'ৰ এখন মেচত ব্ৰাজিলে কলম্বিয়াৰ বিৰুদ্ধে যুঁজত নামে। মেচখনত কোনোমতে ড্ৰ' কৰি কোৱাৰ্টাৰ ফাইনেল খেলাৰ সুযোগ আহৰণ কৰিলে নেইমাৰৰ দলটোৱে।

যদিও দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে তথাপিও দলটোৰ প্ৰদৰ্শনক লৈ সুখী নহয় অনুৰাগী। আনকি দলটোৰ প্ৰশিক্ষকেও স্বীকাৰ কৰিছে এইবাৰ তেওঁলোক প্ৰতিযোগিতাৰ ফেভাৰিট নহয়। পাঁচবাৰৰ বিশ্বকাপ বিজয়ী দলটোৰ এনে দুৰ্বল প্ৰদৰ্শনে এতিয়া বহু প্ৰশ্নৰো সৃষ্টি কৰিছে।

বুধবাৰৰ ব্ৰাজিলে গ্ৰুপ 'ডি'ৰ অন্তিমখন মেচ খেলে কলম্বিয়াৰ বিৰুদ্ধে। পূৰ্বৰ মেচত পাৰাগুৱেক ৪-১ গ'লত পৰাস্ত কৰা ব্ৰাজিলে হেৰুওৱা ছন্দ ঘূৰাই পাইছে বুলি অনুৰাগীসকলে ধাৰণা কৰিছিল যদিও আজি সেই ধাৰণাক ভুল প্ৰমাণিত কৰিলে দলটোৰ খেলুৱৈসকল।

মেচখনৰ কোনো এটা সময়তে নাছিল দলটোৰ খেলুৱৈসকলৰ স্বাভাৱিক ছন্দ। চিনাকী ব্ৰাজিল বহুতৰ বাবে হৈ পৰিছিল অচিনাকী। এনে লাগিছিল হালধীয়া জাৰ্ছি পৰিধান কৰি কেইজনমান লোক খেল পথাৰত ইফালৰ পৰা সিফালে কেৱল দৌৰি আছে।

মেচখনৰ প্ৰথমাৰ্ধৰ ১২ মিনিটতে ৰাফিনহাই ফ্ৰী কিকৰ জৰিয়তে এক শূন্য ব্যৱধানত দলটোক অগ্ৰগতি দিছিল যদিও সেই ব্যৱধান বৃদ্ধি কৰাটো দূৰৰে কথা ধৰি ৰাখিবও নোৱাৰিলে দলটোৱে। মেচখনৰ প্ৰথমাৰ্ধৰ অতিৰিক্ত ২ মিনিটত কলম্বিয়াৰ ডেনিয়েল মুনজে ক্ষমতাসূচক গ'লটো কৰে।

উল্লেখ্য যে আজিৰ মেচখন ড্ৰ' খেলি ব্ৰাজিল আৰু কলম্বিয়া দুয়োটা দলেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ 'ডি'পইণ্ট টেবুলৰ শীৰ্ষত আছে ৭ পইণ্টেৰে কলম্বিয়া। এখন মেচত জয় আৰু দুখন মেচ ড্ৰ' খেলি ৫ পইণ্টেৰে ব্ৰাজিল আছে দ্বিতীয় স্থানত।

কোনো মতে কোপা আমেৰিকাৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল...
যুৱ খেলুৱৈ ৰিয়ানক কি উপদেশ দিলে প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰী সান্থে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in