যুৱ ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰৰ ব্যৱহাৰে মুগ্ধ কৰিলে অনুৰাগীক…

ৰাহুল দ্ৰাবিড়লৈ জীৱনজোৰা সাধনা বঁটা, ৰোহিত-বিৰাট লৈও বিশেষ সন্মান
যুৱ ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰৰ ব্যৱহাৰে মুগ্ধ কৰিলে অনুৰাগীক…
Published on
Updated on

ডিজিটেল ডেস্ক : "আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়"। এই বাক্যশাৰীৰ সত্যতা প্ৰমাণ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য তথা নিৰ্ভৰযোগ্য বেটাৰ শ্ৰেয়াছ আয়াৰে।

নিজে বহি থকা আসন এৰি আসন গ্ৰহণ কৰিবলৈ দিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক। তেঁওৰ এই সৌজন্যতামূলক ব্যৱহাৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰত্যক্ষদৰ্শীৰ।

উল্লেখযোগ্য যে বুধবাৰে অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল কেইবাগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। ৰাহুল দ্ৰাবিড়, ৰোহিত শৰ্মা, শ্ৰেয়াছ আয়াৰ আদিকে ধৰি ভালেকেইগৰাকী ক্ৰিকেটাৰ উপস্থিত আছিল মুম্বাইত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটিত।

এই অনুষ্ঠানত কেইবাগৰাকী ক্ৰিকেটাৰক প্ৰদান কৰা হৈছিল বঁটা। চিয়েট ক্ৰিকেট এৱাৰ্ড নামৰ এই বঁটা প্ৰদান অনুষ্ঠানটিত প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়লৈ আগবঢ়োৱা হৈছিল জীৱনজোৰা সাধনা বঁটা।

বিৰাট কোহলিলৈ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটাৰৰ বঁটা আগবঢ়োৱা হৈছিল। ইয়াৰোপৰি ৰোহিত শৰ্মাক বৰ্ষ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰৰ সন্মানেৰে সন্মানিত কৰা হৈছিল।

সেই অনুষ্ঠানতে অংশ ল’বলৈ যোৱা ৰোহিতে নিজৰ আসন বিচাৰি থকা অৱস্থাতে ইতিমধ্যে বহি থকা শ্ৰেয়াছ আয়াৰে ৰোহিত শৰ্মাক দেখা পাই নিজৰ আসনৰ পৰা উঠি ৰোহিত শৰ্মাক বহিবলৈ দিয়ে। অৱশ্যে পিছলৈ তেঁওক ৰোহিতৰ ওচৰতে আসনৰ ব্যৱস্থা কৰি দিয়ে আয়োজক কৰ্তৃপক্ষই।

সম্প্ৰতি সামাজিক মাধ্যমত বিয়পি পৰা নিৰ্দিষ্ট ভিডিঅ’টিয়ে সকলোকে আকৰ্ষিত কৰিছে। সেয়ে সকলোৱে কৈছে- ব্যৱহাৰে আপোনাৰ পৰিচয়..!

যুৱ ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰৰ ব্যৱহাৰে মুগ্ধ কৰিলে অনুৰাগীক…
পুনৰ ক্ৰিকেটলৈ উভতি আহিব জাহিৰ খান !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in