তুৰস্কৰ বিৰুদ্ধে পৰ্তুগালৰ ৰনাল্ডোৱেই ভৰসাঃ ৰোমানিয়াৰ সৈতে বেলজিয়ামৰ মৰণপন যুঁজ...

ইউৰো কাপত আজি হাইভল্টেজ মেচ
তুৰস্কৰ বিৰুদ্ধে পৰ্তুগালৰ ৰনাল্ডোৱেই ভৰসাঃ ৰোমানিয়াৰ সৈতে বেলজিয়ামৰ মৰণপন যুঁজ...
তুৰস্কৰ বিৰুদ্ধে পৰ্তুগালৰ ৰনাল্ডোৱেই ভৰসাঃ ৰোমানিয়াৰ সৈতে বেলজিয়ামৰ মৰণপন যুঁজ...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুৰ্বল চেক গণৰাজ্যৰ বিৰুদ্ধে প্ৰথমখন মেচত ভাগ্যৰ বলত বিজয়ী হোৱা তাৰকাৰে সমৃদ্ধ পৰ্তুগালে আজি ইউৰোত নিজৰ দ্বিতীয়খন মেচত তুৰস্কৰ বিৰুদ্ধে খেল পথাৰত নামিব। ষষ্ঠবাৰৰ বাবে ইউৰো কাপ খেলি ইতিহাস গঢ়া ৰনাল্ডো অবিহনে যেন পৰ্তুগাল শক্তিহীন।

চেক গণৰাজ্যৰ বিৰুদ্ধে খেলা মেচত পুনৰ এবাৰ সেই প্ৰমাণ পোৱা গ’ল। চেক গণৰাজ্যই ৰনাল্ডোক ধৰি ৰখাৰ বাবেই সুযোগ পায়ো বাৰে বাৰে গল কৰাত ব্যৰ্থ হৈছিল পৰ্তুগালৰ আন খেলুৱৈসকলে।

তুৰস্কৰ বিৰুদ্ধে আজি খেলিবলগীয়া মেচখনতো সেয়ে এতিয়া সকলোৰে দৃষ্টি থাকিব ৰনাল্ডোৰ ওপৰতে। তুৰস্কই যে ৰনাল্ডোৰ বাবে পৃথক ৰণনীতি তৈয়াৰ কৰিছে সেয়া নিশ্চিত। গ্ৰুপ পৰ্যায়ত পৰ্তুগালৰ আজিৰ এই মেচখনেই সবাতোকৈ কঠিন হ'ব বুলিও ধাৰণা কৰা হৈছে।

২০২২ বিশ্বকাপৰ নকআউট মেচত প্ৰথম মূল একাদশত ৰনাল্ডোক স্থান দিয়া নাছিল তেতিয়াৰ প্ৰশিক্ষক ফেৰ্নান্দোৱে। কিন্তু এতিয়াৰ প্ৰশিক্ষক ৰবাৰ্তো মাৰ্তিনসৰ ৰনাল্ডোৰ ওপৰত আছে অগাধ বিশ্বাস।

সেয়ে পূৰ্বৰ মেচখনত ৰনাল্ডোৱেই আছিল অধিনায়ক, খেলিছিল সম্পূৰ্ণ মেচ। ৰনাল্ডোৰ বাবেই গোটেই মেচতে চেক গণৰাজ্যই সলনি কৰিছিল তেওঁলোকৰ খেলৰ ধৰণ। আক্ৰমণাত্মক খেল খেলা চেক গণৰাজ্যই ৰনাল্ডোক ধৰি ৰাখিবলৈকে পৰ্তুগালৰ বিৰুদ্ধে খেলিছিল ৰক্ষণাত্মক খেল।

তুৰস্কৰো খেলৰ ধৰণ চেক গণৰাজ্যৰ দৰেই। অতি বেছি ৰক্ষণাত্মক খেলৰ বিপৰীতে আক্ৰমণাত্মক খেলতহে অভ্যস্ত তুৰস্ক। দলটোৰ খেলুৱৈ আৰ্দা গুলাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলত নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছে।

পূৰ্বৰ মেচত তেওঁ এটা গ’ল কৰিবলৈ সক্ষম হৈছে। এইবাৰ ইউৰোৰ শ্ৰেষ্ঠতম গ'লটো আহিছে এইগৰাকী তৰুণ খেলুৱৈৰ ভৰিৰ পৰাই। ৰনাল্ডোৰ ৰেকৰ্ড ভংগ কৰি আৰ্দা গুলাৰে ইউৰোত সৰ্বকনিষ্ঠ গ'লদাতাৰ ৰেকৰ্ড গঢ়িছে।

আজিৰ দিনটোৰ গ্ৰুপ এফ প্ৰথমখন মেচ আছে জৰ্জিয়া আৰু চেক গণৰাজ্যৰ মাজত। এই মেচখন যদিহে ড্ৰ' হয় তেন্তে পৰ্তুগাল আৰু তুৰস্কৰ মাজৰ মেচখনত যিটো দলেই বিজয়ী হ'ব সেই দলেই গ্ৰুপৰ শীৰ্ষ স্থান অধিকাৰ কৰিব।

মেচৰ পূৰ্বে পৰ্তুগালৰ প্ৰশিক্ষক মাৰ্তিনছে কৈছে, চেক গণৰাজ্যৰ বিৰুদ্ধে আমি ভাল খেলিছোঁ। এটা গ'ল খোৱাৰ পাছতে আমি পিছপৰি থকা নাই সেয়া প্ৰমাণ কৰিছো। মূল একাদশত থাকক, নাথাকক তুৰস্কৰ বিৰুদ্ধেও আমি সকলো খেলুৱৈকে সাজু কৰিছোঁ।

দলটোৰ ষ্ট্ৰাইকাৰ ৰাফায়েল লিয়াও মেচখনক লৈ যথেষ্ট সতৰ্ক হৈ আছে। তেওঁ মেচখনৰ সন্দৰ্ভত কয়, মোৰ ধাৰণা কালহানোগ্লু (তুৰস্কৰ অধিনায়) য়ে অকলেই খেললৈ পৰিৱৰ্তন আনিব পাৰে। মই তেওঁক ভালকৈ জানোঁ। একেলগে এফ চি মিলানত খেলিছোঁ। অসাধাৰণ ষ্ট্ৰাইকাৰ আৰু কৌশলো নিপুণ। দ্ৰুত গতিৰ খেলুৱৈ আলপাৰ ইলমাজো আছেই। বাকীসকলৰ কথা নালাগেই এই দুই খেলুৱৈয়েই গোটেই দলটোকে সমস্যাত পেলাব পাৰে।

পৰ্তুগাল আৰু তুৰস্কৰ মাজৰ মেচখনৰ পাছতে আছে বেলজিয়াম আৰু ৰোমানিয়াৰ মাজৰ মেচ। পূৰ্বৰ মেচত বহু সুযোগ লাভ কৰিও সেই সুযোগৰ সদ ব্যৱহাৰ কৰিব নোৱাৰি পৰাজয়ৰ সন্মুখীন হৈছে বেলজিয়াম।

বেলজিয়ামৰ পৰাজয় এইবাৰৰ ইউৰোৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ অঘটন হিচাপে বিবেচিত হৈছে। ইউৰোত বৰ্তি থাকিবলৈ বেলজিয়ামে আজিৰ মেচত ৰোমানিয়াক পৰাস্ত কৰিবই লাগিব।

কিন্তু বেলজিয়ামৰ বাবে এয়া ইমান সহজ হৈ নাথাকিব। ইউক্ৰেইনক পূৰ্বৰ মেচত সহজে পৰাজিত কৰি আত্মবিশ্বাসী হৈ আছে ৰোমানিয়া। আজিৰ মেচত যদি ৰোমানিয়াই বেলজিয়ামক পৰাস্ত কৰে তেন্তে পইণ্ট বেটবুলৰ শীৰ্ষলৈ উপনীত হ'ব।

তুৰস্কৰ বিৰুদ্ধে পৰ্তুগালৰ ৰনাল্ডোৱেই ভৰসাঃ ৰোমানিয়াৰ সৈতে বেলজিয়ামৰ মৰণপন যুঁজ...
ভি ভি এছ লক্ষ্মণৰ আঙুলিত ধৰি জিম্বাব'ৱে ভ্ৰমণ কৰিব এজাক তৰুণে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in