ৰনাল্ডোৱে নহয়, ভাগ্যয়ে জিকালে পৰ্তুগালক...

দুৰ্বল চেক গণৰাজ্যই বান্ধি ৰাখিলে ৰনাল্ডোক
ৰনাল্ডোৱে নহয়, ভাগ্যয়ে জিকালে পৰ্তুগালক...
ৰনাল্ডোৱে নহয়, ভাগ্যয়ে জিকালে পৰ্তুগালক...
Published on
Updated on

ডিজিটেল ডেস্কঃ বৰষুণেও বাধা প্ৰদান কৰিব পৰা নাই তেওঁলোকক। ষ্টেডিয়ামত হাজাৰ হাজাৰ দৰ্শক। খেল পথাৰত তাৰকাৰ সমাহাৰ। বৰষুণত মাজতেই তেওঁলোকে খেল পথাৰত খেলিছে, ষ্টেডিয়ামত উন্মাদ হৈ পৰিছে দৰ্শক। খেলুৱৈ, অনুৰাগী, দৰ্শক সকলোৰে মাজত কেৱল উত্তেজনা।

এই উত্তেজনা হোৱাৰে কথা। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ এয়া অন্তিম ইউৰো কাপ। অভিলেখ গঢ়ি ষষ্ঠবাৰৰ বাবে এই প্ৰতিযোগিতাত নামিছে খেলুৱৈগৰাকী। অৱশ্যে মেচখনত ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে গ’ল কৰিব নোৱাৰিলে যদিও শেষ মুহূৰ্তত চেক গেণৰাজ্যৰ বিৰুদ্ধে ২-১ গ'লত বিজয় সাব্যস্ত কৰে।   

এইবাৰ ইউৰো কাপৰ অন্যতম দাবীদাৰ পৰ্তুগাল। তাৰকাৰে সমৃদ্ধ এই দলটোক যেন নতুন প্ৰাণ দিছে ৰনাল্ডোৱে। যোগ্যতা অৰ্জনৰ মেচত ৰনাল্ডোৱে কৰিছে ৯ টা গ'ল। মঙ্গলবাৰৰ ইউৰোৰ মেচখনতো দুৰন্ত ৰূপত দেখা গ’ল ৰনাল্ডোক।

প্ৰথমাৰ্ধত আক্ৰমণাত্মক আছিল পৰ্তুগাল। বাৰে বাৰে চেক গণৰাজ্যৰ ৰক্ষণ বিভাগ ভেদিবলৈ চেষ্টা অব্যাহত ৰাখিছিল দলটোৱে। মিড ফিল্ডত আছিল নিয়ন্ত্ৰণ। এনে আক্ৰমণৰ মাজত ৰনাল্ডোৱে গ'ল কৰাৰ সুযোগ পাইছিল যদিও সেই সুযোগ ল'ব নোৱাৰিলে।

ইয়াৰ পিছত আকৌ ৰনাল্ডোৱে বেকহিলেৰে পুনৰ এটা গ'লৰ সুযোগ মুকলি কৰিলে। সতীৰ্থ বিতিনহাই এই সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে। এইদৰেই প্ৰথমাৰ্ধত আক্ৰমণাত্মক হৈয়ো গ'ল শূন্য ভাৱেই অন্ত পৰিল।  

দ্বিতীয়াৰ্ধত খেলৰ গতি কিছু সলনি হৈছিল। পৰ্তুগালৰ আক্ৰমণৰ বিপৰীতে চেক গণৰাজ্যই সুযোগ বুজি পৰ্তুগালৰ ৰক্ষণবিভাগ ভেদি ৬২ মিনিটত প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হয়।

অৱশ্যে ভাগ্যই লগ নিদিলে চেক গণৰাজ্যক। মেচখনৰ ৬৯ মিনিটত চেক গণৰাজ্যই এটা আত্মঘাতী গ’লেৰে মেচখন ড্ৰৰ দিশে লৈ যায়। কিন্তু মেচখনৰ অতিৰিক্ত সময়ত ৯২ মিনিটত বিকল্প ফুটবলাৰ হিচাপে খেল পথাৰত নমা ফ্ৰাঞ্চিকোৱে চেক গণৰাজ্যৰ গ’ল পোষ্ট ভেদিবলৈ সক্ষম হ'ল।

তৰুণ ফুটবলাৰ ফাঞ্চিকোৰ এনে ছন্দোবদ্ধ দুভৰিৰ যাদুৱে উন্মাদ কৰি তোলে দৰ্শকক। উৎফুল্লিত হৈ পৰে খোদ ৰনাল্ডো। অৱশ্যে মেচখনৰ পাছতে এতিয়া বহু কেইটা প্ৰশ্নৰো সৃষ্টি হৈছে।

তাৰকাৰে সমৃদ্ধ পৰ্তুগালে বাৰে বাৰে আক্ৰমণ কৰিও প্ৰথমাৰ্ধত চেক গণৰাজ্যৰ ৰক্ষণ বিভাগ ভেদ কৰিবলৈ সক্ষম নহ'ল। ৰনাল্ডোক সকলো সময়তে ঘেৰি ধৰা চেক গণৰাজ্যৰ ৰণকৌশল প্ৰায় সফলেই হৈছিল। আত্মঘাতী গ'ল নোহোৱা হলে মেচখন ড্ৰ' হ'ল হয়।

ৰনাল্ডো অবিহনে যেন পৰ্তুগাল যথেষ্ট দুৰ্বল। দলটোৰ তাৰকা ভিটিনহাৰা, ৰাফায়েল লিয়াও কোনেও সুযোগৰ সদ ব্যৱহাৰ কৰিব নোৱাৰিলে। একেই অৱস্থা পৰিলক্ষিত হৈছিল কাটাৰ বিশ্বকাপত। দুৰ্বল চেক গণৰাজ্যৰ বিৰুদ্ধে এনেদৰে খেলা পৰ্তুগালে অন্য ডাঙৰ দলৰ বিৰুদ্ধে যদি একেই প্ৰদৰ্শন দাঙি ধৰে তেন্তে ইউৰো জয়ৰ স্বপ্নও যে বাস্তৱত পৰিণত নহ'ব সেয়া প্ৰায় নিশ্চিত।

ৰনাল্ডোৱে নহয়, ভাগ্যয়ে জিকালে পৰ্তুগালক...
ফিফাই ধোনিৰ সৈতে তুলনা কৰিলে ৰনাল্ডোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in