ৰাজ্যিক পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লক্ষ্যৰে 'দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপ'...

ৰাজ্যিক পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লক্ষ্যৰে 'দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপ'...
ৰাজ্যিক পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লক্ষ্যৰে 'দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপ'...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ। সমগ্ৰ বিশ্বত থকা প্ৰায় ৮০০ দেওহাঁহৰ অৰ্ধেকসংখ্যকেই উপলব্ধ অসম, অৰুণাচল আৰু চুবুৰীয়া ম্যানমাৰত। বিলুপ্তিৰ দিশে গতি কৰা অসমৰ এই ৰাজ্যিক পক্ষীবিধৰ সংৰক্ষণ, প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ বাবে পোন প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত কৰা হৈছে এখন ক্ৰীড়া প্ৰতিযোগিতা।

ইউনিফাইড কাৰাটে গীল্ডে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপ। ১ এপ্ৰিলৰ পৰা ৩ এপ্ৰিললৈ গুৱাহাটীস্থিত নেহেৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই প্ৰাইজমানি প্ৰতিযোগিতাখন।

২ হাজাৰৰো অধিক কাৰাটে খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জীয়ন কৰা এই প্ৰতিযোগিতাখনত আছে ৬ লাখৰো অধিক নগদ ধনৰ পুৰস্কাৰ। মুঠ ৮৩ টা ইভেণ্টৰ আটাইকেইটা ৱেইট কেটেগৰীতে প্ৰদান কৰা হ'ব নগদ ধনৰ পুৰস্কাৰ।

অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ অন্যান্য ৰাজ্যৰ কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ জড়িয়তে ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণ, সুৰক্ষা আৰু এই সম্পৰ্কে সজাগতা সৃষ্টিৰ চেষ্টা কৰা হ'ব।

অসম ৰাজ্যিক কাৰাটে সন্থাৰ সম্পাদক তথা ইউনিফাইড কাৰাটে গীল্ডৰ প্ৰতিষ্ঠাপক, দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপৰ মুখ্য উদ্যোক্তা আদৰ্শ চৌধুৰীয়ে এই সন্দৰ্ভত ক'লে, অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ প্ৰায় বিলুপ্তিৰ দিশে গতি কৰিছে। বিশ্বজুৰি প্ৰায় ৮০০ মানহে দেও হাঁহ উপলব্ধ।

ইয়াৰে ৪০০ ৰো অধিক দেওহাঁহ আছে কেৱল অসম, অৰুণাচল আৰু চুবুৰীয়া ম্যানমাৰত। সেয়ে এই ৰাজ্যিক পক্ষীবিধৰ সংৰক্ষণ আৰু সুৰক্ষাৰ দিশটোৰ কথা চিন্তা কৰি দেওহাঁহৰ বিষয়ে অধিক প্ৰচাৰৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে।

উল্লেখ্যে, প্ৰতিযোগিতাখনক অধিক জনপ্ৰিয় কৰাৰ বাবে উদ্যোক্তাসকলে এটা শীৰ্ষ গীতো প্ৰস্তুত কৰি উলিয়াইছে। বিদেশত আপোন মানুহ খ্যাত চাজুৱে কণ্ঠদান কৰা এই গীতৰ সংগীত মানস হাজৰিকাৰ আৰু কথা আয্যনীলৰ। ভিডিঅ' পৰিচালক আৰু সম্পাদনা সূৰয আৰ পাঠক আৰু প্ৰযোজনা ইউনিফাইড কাৰাটে গীল্ডৰ।

ৰাজ্যিক পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লক্ষ্যৰে 'দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপ'...
শদিয়াৰ লোহিত দিবাঙৰ সংযোগস্থলীত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in