ঘৰুৱা ক্ৰিকেট ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছঃ নৰ্থ জ'নৰ বিৰুদ্ধে ছিক্সৰ বৰষুণ...

ঘৰুৱা ক্ৰিকেট ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছঃ নৰ্থ জ'নৰ বিৰুদ্ধে ছিক্সৰ বৰষুণ...
ঘৰুৱা ক্ৰিকেট ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছঃ নৰ্থ জ'নৰ বিৰুদ্ধে ছিক্সৰ বৰষুণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ ঘৰুৱা ক্ৰিকেটত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিলে ৰিয়ান পৰাগে। দলৰ বিপদত সময়ত ক্ৰিজলৈ আহি ৰিয়ানে দায়িত্বশীল ইনিংছ উপহাৰ দিয়াই নহয় খেলিলে এক শতকীয় ইনিংছ।

দেওঘৰ ট্ৰফীৰ এখন মেচত ইষ্ট জ'নৰ দলীয় স্ক'ৰ ৫৭তে ৫ টাকৈ উইকেট হেৰুৱাই বিপদত পৰে। ইয়াৰ পাছতে ক্ৰিজলৈ আহে ৰিয়ান পৰাগ।

তেওঁ মুঠ ১০২টা বলত ১৩১ ৰাণ কৰিবলৈ সক্ষম হয়। ৰিয়ানে তেওঁৰ এই শতকীয় ইনিংছটো সজাই ১১ টা ছিক্স আৰু ৫ টা চাৰিৰে।

আনহাাতে ৰিয়ানৰ উপৰিও ইষ্ট জ'নৰ হৈ কুমাৰ কুশাগৰায়ে সংগ্ৰহ কৰে ৯৮ ৰাণ। তেওঁ ৮৭ বলত ৮ টা চাৰি আৰু ৪ টা ছয়ৰে নিজৰ ইনিংছটো সজাই।

৫০ অভাৰৰ মেচখনত ইষ্ট জ'নে নৰ্থ জ'নৰ সন্মুখত ৩৩৮ ৰাণৰ এক বৃহৎ স্কৰ থিয় কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত বাতৰি লিখা পৰলৈকে নৰ্থ জ'নে ১০ অভাৰত এটা উইকেট হেৰুৱাই ৫৬ ৰাণ সংগ্ৰহ কৰিছে।

ঘৰুৱা ক্ৰিকেট ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছঃ নৰ্থ জ'নৰ বিৰুদ্ধে ছিক্সৰ বৰষুণ...
চাবুৱাৰ সাংবাদিকৰ অভিনৱ কাৰ্যসূচীঃ মূল্যবৃদ্ধি হ্ৰাসৰ বাবে শাক-পাচলি বিক্ৰী, লাভৰ ধনেৰে বান সাহায্য প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in