আন্তৰ্জাতিক মেচ খেলা ভাৰতীয় ক্ৰিকেটাৰৰ সংখ্যা কিমান জানেনে, কোন আছিল প্ৰথম অধিনায়ক, চাওক সবিশেষ

১৯৩২ চনৰ ২৫ জুন তাৰিখে ল'ৰ্ডছত ভাৰতীয় জাতীয় ক্ৰিকেট দলে প্ৰথম আন্তৰ্জাতিক খেল খেলিছিল। ভাৰতীয় দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰা ষষ্ঠতম দল।
আন্তৰ্জাতিক মেচ খেলা ভাৰতীয় ক্ৰিকেটাৰৰ সংখ্যা কিমান জানেনে, কোন আছিল প্ৰথম অধিনায়ক, চাওক সবিশেষ
Published on
Updated on

ডিজিটেল ডেস্ক : আপোনাৰো জানিবলৈ মন নাযাই নে যে এতিয়ালৈকে কিমান গৰাকী ভাৰতীয় ক্ৰিকেটাৰে আন্তৰ্জাতিক মেচ খেলিছে। হয়তো আপুনি এই বিষয়ে জ্ঞাত, তথাপি এই লেখাৰ জৰিয়তে কিছু তথ্য দাঙি ধৰা হ’ল।

ক্ৰিকেটৰ ৩টা সংস্কৰণ। টেষ্ট, এদিনীয়া আৰু টি-২০। এই তিনিটা সংস্কৰণৰ মাজতে সীমাৱদ্ধ ৰাখি আই চি চিয়ে আন্তৰ্জাতিক ক্ৰিকেট মেচ আয়োজন কৰাৰ অনুমতি প্ৰদান কৰিছে।

আন্তৰ্জাতিক ক্ৰিকেটত টুপীৰ নম্বৰৰে ক্ৰিকেটাৰৰ সংখ্যা নিৰূপণ কৰা হয়। অভিষেক মেচত প্ৰদান কৰা টুপীৰ কাষত লিখা থাকে এটা বিশেষ নম্বৰ। এই নম্বৰৰ দ্বাৰাই খেলুৱৈগৰাকীয়ে কিমান সংখ্যক স্থানত এগৰাকী আন্তৰ্জাতিক খেলুৱৈ হিচাপে দলত অন্তৰ্ভুক্ত হৈছে সেয়া নিৰ্ণয় কৰা হয়।

১৯৩২ চনৰ ২৫ জুন তাৰিখে ল'ৰ্ডছত ভাৰতীয় জাতীয় ক্ৰিকেট দলে প্ৰথম আন্তৰ্জাতিক খেল খেলিছিল। ভাৰতীয় দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰা ষষ্ঠতম দল। 

সেই সময়ছোৱাৰ দলটোৰ প্ৰথমগৰাকী ভাৰতীয় আন্তৰ্জতিক খেলুৱৈ হিচাপে অমৰ সিঙক ১ সংখ্যা লিখা টেষ্ট টুপী প্ৰদান কৰা হৈছিল। ১৯৩২ চনৰ পৰা ২০২৪চনৰ আজিৰ দিনটোলৈকে ৩১৪গৰাকী ক্ৰিকেটাৰে টেষ্ট খেলাৰ মৰ্যাদা লাভ কৰিছে। তালিকাৰ অন্তিমগৰাকী টেষ্ট খেলুৱৈ হিচাপে ৩১৪ নম্বৰৰ টুপী লাভ কৰিছে দেৱদত্ত পাডিকলে।

ইয়াৰোপৰি ৩৬গৰাকী অধিনায়কে বৰ্তমানলৈকে ভাৰতীয় টেষ্ট দলটোক নেতৃত্ব প্ৰদান কৰাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰে প্ৰথমগৰাকী অধিনায়ক হৈছে চি কে নায়ডু। অন্তিমগৰাকী হৈছে জশপ্ৰীত বুমৰাহ।

একেদৰে এদিনীয়া ক্ৰিকেটৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে ছৈয়দ আবেদ আলী। ১৯৭৪ চনত তেঁওক ১ সংখ্যাৰ এদিনীয়া আন্তৰ্জাতিকৰ টুপী প্ৰদান কৰা হৈছিল। আনহাতে বৰ্তমানলৈকে এদিনীয়া ক্ৰিকেটাৰৰ সংখ্যা হৈছে ২৫৫ গৰাকী। ২৫৫ সংখ্যাৰ টুপীৰ গৰাকী হৈছে ৰজত পাটিদৰ।

১৯৭৪ চনৰ পৰা এতিয়ালৈকে ২৭গৰাকী অধিনায়কে ভাৰতীয় এদিনীয়া দলক নেতৃত্ব প্ৰদান কৰিছে। প্ৰথমগৰাকী অধিনায়ক হৈছে অজিত ৱাডেকাৰ।

ইয়াৰোপৰি টি-২০ আন্তৰ্জাতিক মেচত ভাৰতে আত্মপ্ৰকাশ কৰিছিল ২০০৬ চনত। প্ৰথমগৰাকী ভাৰতীয় টি-২০ ক্ৰিকেটাৰ হিচাপে অজিত আগাৰকাৰক ১ সংখ্যাৰ টুপী প্ৰদান কৰা হৈছিল।

অন্তিমগৰাকী হৈছে তুষাৰ দেশপাণ্ডে। তেঁওৰ টুপীৰ সংখ্যা ১১৫। জানি ভাল পাব যে অসমৰ ৰিয়ান পৰাগো আছে এই তালিকাত। ৰিয়ানৰ টুপীৰ সংখ্যা ১১৩। বৰ্তমানলৈকে ১১৫গৰাকী আন্তৰ্জাতিক ক্ৰিকেটাৰে ভাৰতীয় টি-২০ দলক প্ৰতিনিধিত্ব কৰিছে।

২০০৬ চনৰ পৰা এতিয়ালৈকে ১৪গৰাকী অধিনায়কে টি-২০ দলটোক নেতৃত্ব দিছে। প্ৰথমগৰাকী অধিনায়ক হৈছে বীৰেন্দ্ৰ সেহৱাগ আৰু অন্তিমগৰাকী হৈছে শুভমন গীল।

আন্তৰ্জাতিক মেচ খেলা ভাৰতীয় ক্ৰিকেটাৰৰ সংখ্যা কিমান জানেনে, কোন আছিল প্ৰথম অধিনায়ক, চাওক সবিশেষ
পেৰিছ অলিম্পিকত উপস্থিত লাভলীনাঃ ৩১ জুলাইত নামিব ৰিঙত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in