মুছিৰ খানৰ অনবদ্য ১৮১ ৰানৰ সহায়ত প্ৰথম ইনিংছত ৩২১ ৰান সংগ্ৰহ ইণ্ডিয়া ‘বি’ৰ

মুছিৰ খানৰ অনবদ্য ১৮১ ৰানৰ সহায়ত প্ৰথম ইনিংছত ৩২১ ৰান সংগ্ৰহ ইণ্ডিয়া ‘বি’ৰ
Published on
Updated on

ডিজিটেল ডেস্ক : মুম্বাইৰ প্ৰতিভাৱান বেটাৰ তথা ভাৰতীয় জাতীয় ক্ৰিকেটৰ দলৰ অন্যতম সদস্য ছৰফৰাজ খানৰ ভাতৃ মুছিৰ খান উজলি উঠিছে দুলীপ ট্ৰফীত। তেঁওৰ প্ৰদৰ্শনৰ ভিত্তিত ইণ্ডিয়া এ দলৰ বিৰুদ্ধে শক্তিশালী স্থিতিত উপনীপ হৈছে ইণ্ডিয়া বি দল।

শুকুৰবাৰে ইণ্ডিয়া বি দলে ৩২১ ৰানত প্ৰথম ইনিংছ সামৰে। দলটোৰ হৈ মুছিৰ খানে ১৮১ ৰান কৰে।

ইয়াৰোপৰি অপেনিং বেটাৰ যশস্বী জয়ছোৱালে ৩০ ৰান আৰু শেষৰ ফালে নৱদীপ চাইনীয়ে অৰ্ধশতক কৰে যদিও বাকীসকল বেটছমেন ব্যৰ্থ হয়।

ইফালে ভোজন বিৰতিৰ পাছতে ইনিংছ আৰম্ভ কৰে ইণ্ডিয়া এ দলে। বাতৰি লিখা পৰলৈকে ইণ্ডিয়া এ দলে ৫৭ ৰানৰ বিনিময়ত ১টা উইকেট হেৰুৱাইছে।

ইণ্ডিয়া এৰ অধিনায়ক শুভমন গীলে মাত্ৰ ২৫ ৰান কৰিয়েই নৱদীপ চাইনীৰ বলত আউট হয়। চাহ বিৰতিৰ সময়লৈকে ইণ্ডিয়া এৰ অপেনিং বেটাৰ মায়ংক আগৰৱালে ৩১ ৰানত বেটিং কৰি আছে।

মুছিৰ খানৰ অনবদ্য ১৮১ ৰানৰ সহায়ত প্ৰথম ইনিংছত ৩২১ ৰান সংগ্ৰহ ইণ্ডিয়া ‘বি’ৰ
ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ৯ টা পদক লাভ বিশ্বনাথ জৱাহৰ নৱোদয় বিদ্যালয়ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in