শ্বিলং লাজং ক্লাবক পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC...

৩-০ ব্যৱধানত বিজয়ী NEUFC
শ্বিলং লাজং ক্লাবক পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC...
শ্বিলং লাজং ক্লাবক পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC...
Published on
Updated on

ডিজিটেল ডেস্কঃ দৰ্শকেৰে ভৰি থকা শ্বিলঙৰ জৱহৰলাল নেহৰু ষ্টেডিয়ামত ইতিহাস সৃষ্টি কৰিলে আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। প্ৰথমবাৰৰ বাবে এই ঐতিহাসিক ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰৱেশ কৰিলে দলটোৱে।

দৰ্শকেৰে ভৰি থকা জৱহৰলাল নেহৰু ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলং লাজং ক্লাবক ৩-০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ইষ্ট বেংগলক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰি চমক দিয়া শ্বিলং লাজং ক্লাবৰ আজিৰ মেচখনতো ফেভাৰিট আছিল যদিও নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত দলটোৰ ফাইনেলত প্ৰৱেশৰ স্বপ্ন ভংগ হয়।

মেচখনত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ গল তিনিটা কৰে ক্ৰমে  থোই সিং, আজাৰাই আৰু পাৰ্থিব সুন্দৰ গগৈয়ে। মেচখনৰ আৰম্ভণিৰ পৰাই নৰ্থ ইষ্ট ইউনাইটেডে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। দলটোৱে বাৰে বাৰে লাজং ক্লাবক ৰক্ষণাত্মক খেল খেলিবলৈ বাধ্য কৰে।

এনে আক্ৰমণাত্মক প্ৰদৰ্শনৰ বাবেই মেচখন আৰম্ভ হোৱাৰ মাত্ৰ ১৩ মিনিটতে নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমটো সফলতা লাভ কৰে। ইয়াৰ পিছত ৩৩ মিনিটত দলটোৰ হৈ দ্বিতীয়টো গল কৰে আজাৰাই।

প্ৰথমাৰ্ধত ২-০ ব্যৱধানেৰে আগবঢ়া নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে দ্বিতীয়াৰ্ধতো খেলৰ ধৰণৰ কোন সালসলনি নকৰিলে। মেচখনৰ অন্তিম ফালে দলটোৰ হৈ তৃতীয়টো গল কৰে পাৰ্থিব সুন্দৰ গগৈয়ে।   

উল্লেখ্য যে, ২৭ আগষ্টত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখী হ'ব মোহনবাগন আৰু বেংগালুৰু। ইয়াৰে বিজয়ী দলটোৰ সৈতে ৩১ আগষ্টত ফাইনেল খেলিব নৰ্থ ইষ্ট ইউনাইটেডে।

শ্বিলং লাজং ক্লাবক পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC...
যোৰহাটত ৯ আৰু ১৩ বছৰ অনূৰ্ধ্বৰ দবা প্ৰতিযোগিতাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in