ডিজিটেল ডেস্ক : অৱশেষত ছন্দ পতন হ'ল মৰক্কোৰ । সমগ্ৰ টুৰ্নামেন্টত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই শেষত থমকিব লগীয়া হ'ল শক্তিশালী ফ্ৰান্সৰ হাতত । কাটাৰ বিশ্বকাপত মৰক্কোৰ প্ৰতিৰক্ষা বিভাগ আছিল এক অভেদ্য দুৰ্গ যি পেনাল্টী বক্স অতিক্ৰম কৰিবলৈ দিয়া নাছিল বিপক্ষৰ ফৰৱাৰ্ড খেলুৱৈ সকলক ।
মৰক্কো, চৌদি আৰৱৰ দৰে তুলনামূলক ভাৱে কিছু কম শক্তিশালী দল সমূহে চলিত বিশ্বকাপত দেখুৱাইছিল ডিফেন্সৰ এক নতুন শৈলী । যি শৈলীত বিপক্ষই খেলিব পৰা নাছিল টিকি টাকাৰ খেল । যাৰ বাবে মৰক্কোৰ বিৰুদ্ধে টিকি টাকাৰ জনক স্পেইনে খেলিবলৈ বাধ্য হৈছিল এক নতুন শৈলীৰ ফুটবল । জিন্তু সেই মৰক্কো শেষ নিশা বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত পৰাস্ত হ'ল ফ্ৰাকন্সৰ হাতত । ফ্ৰান্সৰ হাতত ২-০ গ'লত পৰাস্ত হৈ প্ৰথমটি আফ্ৰিকান দল হিচাপে ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হ'ল মৰক্কো ।
আনহাতে, ইয়াৰ সৈতেই ক্ৰমাৎ দ্বিতীয় বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে । বিগত ২০১৮ ৰাছিয়া বিশ্বকাপতো চেম্পিয়ন হৈছিল ফ্ৰান্স ।
উল্লেখ্য যে, ফাইনেলত ফ্ৰান্স সন্মুখীন হ'ব আৰ্জেন্টিনাৰ বিৰুদ্ধে । দুয়োটা দলৰেই মূল শৈলী আক্ৰমণ । কিন্তু বিপক্ষৰ খেলুৱৈক সুবিধা নিদিবলৈ ডিফেণ্ডাৰৰ কান্ধত ন্যস্ত থাকিব বৃহৎ দ্বায়িত্ব । আনহাতে, আৰ্জেন্টিনা দলৰ তাৰকা খেলুৱৈ মেছি আৰু ফ্ৰান্সৰ তাৰকা খেলুৱৈ এমবাপে একেটা ক্লাবৰ হৈ ক্লাব ফুটবল খেলে । তেনেস্থলত দুয়ো পৰিচিত দুয়োজনৰে শৈলীৰ সৈতে । ফ্ৰান্সৰ আন তাৰকা সকলৰ সৈতেও খেলপথাৰত নমাৰ অভিজ্ঞতা আছে মেছিৰ । এই অভিজ্ঞতা ব্যৱহাৰ কৰিব পাৰিলেহে যেন সফল হ'ব ফুটবলৰ মুকুট বিহীন সম্ৰাট গৰাকী ।
আৰু পঢ়ক : অপৰাধে জুৰুলা কৰা মৰক্কো আৰু বিশ্বকাপ...