কোহলি,ৰোহিত আৰু ৰাহুল অভিজ্ঞ ক্ৰিকেটাৰ, চাপত কেনেকৈ খেলিব লাগে তেওঁলোকে জানেঃ সৌৰভ গাংগুলী

কোহলি,ৰোহিত আৰু ৰাহুল অভিজ্ঞ ক্ৰিকেটাৰ, চাপত কেনেকৈ খেলিব লাগে তেওঁলোকে জানেঃ সৌৰভ গাংগুলী

author-image
asomiyapratidin
New Update
কোহলি,ৰোহিত আৰু ৰাহুল অভিজ্ঞ ক্ৰিকেটাৰ, চাপত কেনেকৈ খেলিব লাগে তেওঁলোকে জানেঃ সৌৰভ গাংগুলী

ডিজিটেল ডেস্কঃ শণিবাৰৰ পৰা ডুবাইত অনুষ্ঠিত হ'ব এছিয়া কাপ। দেওবাৰে ভাৰত সন্মুখীন হ'ব চিৰবৈৰী পাকিস্তানৰ । ভাৰত-পাকিস্তানৰ মেচ মানেই উত্তেজনাময় পৰিবেশ। উভয় দলৰ অনুৰাগীৰ মনত উত্তেজনা,উদ্দীপনা। উল্লেখযোগ্য যে ২০২১ চনৰ টি-২০ বিশ্বকাপত পাকিস্তানে ভাৰতক লজ্জানত কৰি ১০ উইকেটত পৰাজিত কৰিছিল। সেই বেদনা পাহৰা নাই প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে। তাৰ পিছৰে পৰা পোতক তোলাৰ লক্ষ্যৰে এইবাৰ ৰোহিত বাহিনী আকৌ মুখামুখি হ'ব দেওবাৰে এছিয়া কাপত।

এই সন্দৰ্ভত বি চি চি আইৰ অধ্যক্ষ তথা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে এখন সংবাদ মেলত কয় যে বিৰাট কোহলি,ৰোহিত শৰ্মা আৰু কে এল ৰাহুল অভিজ্ঞ ক্ৰিকেটাৰ। পৰিস্থিতি আৰু পৰিবেশৰ লগত কেনেকৈ চম্ভালিব লাগে সেই কথা তেওঁলোকে জানে। চাপমুক্ত হৈ কেনেকৈ খেলিব লাগে তাৰ কৌশল জানে।

লগতে গাংগুলীয়ে দুৰ্বল ফৰ্মত ভুগী থকা কোহলিৰ প্ৰসংগত কয় যে  কোহলি এগৰাকী উচ্চমানৰ খেলুৱৈ,তেওঁ দীৰ্ঘ সময় ধৰি খেলিছে। ৰাণ কেনেকৈ কৰিব লাগে তাক জানে। কোহলিৰ প্ৰদৰ্শনকলৈ গাংগুলী আশাবাদী।

rohit GANGULY india kl rahul VIRAT