গম্ভীৰৰ শ্ৰেষ্ঠ একাদশত নাই অধিনায়ক, আছে ধোনি, বিৰাট...

শ্ৰেষ্ঠ একাদশ গঠনত গম্ভীৰৰ চমক
গম্ভীৰৰ শ্ৰেষ্ঠ একাদশত নাই অধিনায়ক, আছে ধোনি, বিৰাট...
গম্ভীৰৰ শ্ৰেষ্ঠ একাদশত নাই অধিনায়ক, আছে ধোনি, বিৰাট...
Published on
Updated on

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতৰ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে তেওঁলোকৰ মতে শ্ৰেষ্ঠ ভাৰতীয় মূল একাদশ গঠন কৰিছে। বহু কেইজন ক্ৰিকেটাৰে ইতিমধ্যে গঠন কৰা এনে সৰ্বকালৰ মূল একাদশত কপিল দেৱৰ পৰা আৰম্ভ কৰি এতিয়াৰ ৰোহিত, বিৰাট কোহলি, যশপ্ৰীত বুমৰাহ আদিয়েও স্থান লাভ কৰিছে।

কিন্তু এইসকলো ক্ৰিকেটাৰৰ বিপৰীতে এইবাৰ গৌতম গম্ভীৰে গঠন কৰা তেওঁৰ দৃষ্টিত সৰ্বকালৰ মূল একাদশে ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ গৌতম গম্ভীৰৰ মূল একাদশত মহেন্দ্ৰ সিং ধোনি, বিৰাট কোহলি অথবা ৰোহিত শৰ্মাই স্থান পাইছে নে নাই সেয়া জানিবলৈ আগ্ৰহী হৈ পৰিছে অনুৰাগীসকল।

ক্ৰিকেটাৰ হিচাপে গৌতম গম্ভীৰৰ তুলনা নাই। নীলা জাৰ্ছিত গম্ভীৰে ২০০৭ৰ টি-২০ বিশ্বকাপ, ২০১১ ৰ এদিনীয়া বিশ্বকাপত কৰা প্ৰদৰ্শনে আজিও ভাৰতীয় ক্ৰিকেট অনুৰাগীক ৰোমাঞ্চিত কৰি আহিছে।

অৱশ্যে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত গম্ভীৰে ক্ৰিকেটৰ পৰিৱৰ্তে ৰাজহুৱাকৈ কৰা কেতবোৰ মন্তব্যৰ বাবেহে অধিক চৰ্চাত আহিছে। সমান্তাৰলকৈ বিতৰ্কৰো সূচনা কৰিছে।

একালৰ সতীৰ্থ তথা বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিকলৈ গম্ভীৰে কৰা মন্তব্য, বিৰাট কোহলিৰ সৈতে হোৱা সংঘাতে গম্ভীৰক চৰ্চাৰ শীৰ্ষত ৰাখিছে। ইয়াৰ বিপৰীতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে গম্ভীৰৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ।

তাতে এতিয়া গম্ভীৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক। মুখ্য প্ৰশিক্ষক হিচাপে গম্ভীৰে ৰোহিত আৰু বিৰাটক একেলগে দলত পাইছে। যদিও আই পি এলৰ সময়ত হোৱা গম্ভীৰ-বিৰাটৰ সংঘাত অতীত হ’ল আৰু দুয়োকে ক্ৰিকেট অনুৰাগীয়ে ঘনিষ্ঠ ৰূপত দেখা পাইছে তথাপিও অৱশ্যে গম্ভীৰ, বিৰাটক লৈ অনুৰাগীৰ মাজত উৎসুকতা হ্ৰাস পোৱা নাই।

এনে পৰিপ্ৰেক্ষিততে গম্ভীৰে গঠন কৰা সৰ্বকালৰ ভাৰতীয় একাদশক লৈ চৰ্চা হৈছে। গম্ভীৰৰ এই একাদশে বহুতকে এতিয়া আচৰিতো কৰিছে। কিয়নো  যিসকলক গম্ভীৰে তেওঁৰ দলত স্থান দিব বুলি ধাৰণা কৰিছিল সেইসকলৰ পৰিৱৰ্তে গম্ভীৰে তেনে ধাৰণাৰ বাহিৰলৈ গৈহে মূল একাদশ গঠন কৰিছে।

গম্ভীৰে গঠন কৰা এই মূল একাদশত স্থান নাপালে সদ্য টি-২০ বিশ্বকাপ বিজয়ী ৰোহিত শৰ্মাই। ৰোহিতৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা গম্ভীৰে তেওঁৰ মূল একাদশত ৰোহিতক স্থান নিদিলে যদিও স্থান দিলে বিৰাট কোহলি আৰু মহেন্দ্ৰ সিং ধোনিক।

গম্ভীৰে অপেনিং যুঁটিত তেওঁৰ সৈতে ৰাখিছে বীৰেন্দ্ৰ সেহৱাগক। তিনি নম্বৰত স্থান দিছে ৰাহুল দ্ৰাবিড়ক। চাৰি নম্বৰত স্থান দিছে ক্ৰিকেট ঈশ্বৰ শচীন তেণ্ডুলকাৰক।

সেইদৰেই পাঁচ আৰু ছয় নম্বৰত দলত স্থান দিছে বিৰাট কোহলি আৰু প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙক। উইকেটকীপাৰ বেটছমেন হিচাপে সকলোকে আচৰিত কৰি ৰাখিছে মহেন্দ্ৰ সিং ধোনিক।

গম্ভীৰৰ এই দলটোৰ স্পীন বিভাগৰ দায়িত্ব চম্ভালিব অনিল কুম্বলে আৰু ৰবীচন্দ্ৰন অশ্বিনে। পেছ আক্ৰমণ চম্ভালিব জাহিৰ খান আৰু ইৰফান পাঠানে। এই ১১ জন ক্ৰিকেটাৰৰ মূল দলটোত অৱশ্যে নাথাকিব কোনো অধিনায়ক।

গম্ভীৰৰ এই মূল একাদশৰ পৰা ৰোহিত শৰ্মাক বাদ দিয়া বিষয়টোৱে বহুতকে আচৰিত কৰিছে। সেইদৰে বেগী বলাৰ যশপ্ৰীত বুমৰাহক দলত স্থান নিদিয়াক লৈয়ো প্ৰশ্ন উঠিছে। এনে প্ৰশ্নৰ উত্তৰ অৱশ্যে গম্ভীৰে পূৰ্বেই দি থৈছে।

গম্ভীৰে তেওঁৰ এই দল গঠন কৰি কয়, যিহেতু ১১ জন ক্ৰিকেটাৰকহে তেওঁ অন্তৰ্ভুক্ত কৰিব পাৰে সেয়ে বহু বিখ্যাত ক্ৰিকেটাৰৰ নাম তেওঁ বাদ দিবলগীয়া হৈছে। সেয়ে ইচ্ছা কৰিও তেওঁ কেইবাজনৰো নাম বাদ দিবলগীয়া হৈছে।

গৌতম গম্ভীৰে গঠন কৰা শ্ৰেষ্ঠ ভাৰতীয় দলটোঃ  বীৰেন্দ্ৰ সেহৱাগ, গৌতম গম্ভীৰ, ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, যুৱৰাজ সিং, মহেন্দ্ৰ সিং ধোনি, অনিল কুম্বলে, ৰবীচন্দ্ৰন অশ্বিন, ইৰফান পাঠান আৰু জাহিৰ খান।

গম্ভীৰৰ শ্ৰেষ্ঠ একাদশত নাই অধিনায়ক, আছে ধোনি, বিৰাট...
পেৰা অলিম্পিকৰ বেডমিণ্টনৰ ছিংগলছত চেম্পিয়ন নীতিশ কুমাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in