আনুষ্ঠানিকতা সম্পন্নঃ গৌতম গম্ভীৰ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক...

জয় শ্বাহে এক্সৰ জৰিয়তে দিলে এই বাৰ্তা
আনুষ্ঠানিকতা সম্পন্নঃ গৌতম গম্ভীৰ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক...
আনুষ্ঠানিকতা সম্পন্নঃ গৌতম গম্ভীৰ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক...
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত অন্ত পৰিল সকলো জল্পনা কল্পনা। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আনুষ্ঠানিক ঘোষণা কৰিলে জয় শ্বাহে। চৰ্চা অনুসৰিয়েই ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল ২০১১ৰ বিশ্বকাপ জয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্য গৌতম গম্ভীৰক।

মঙ্গলবাৰে বি চি চি আইৰ সচিব জয় শ্বাহে এক্সৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰিলে।প্ৰাক্তন বাওঁহতীয়া অপেনাৰ গৌতম গম্ভীৰ ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিপাচে নিযুক্তি লাভ কৰিব বুলি দীৰ্ঘ সময় ধৰি চৰ্চাত আছিল।

টি-২০ বিশ্বকাপ জয় কৰাৰ পাছতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে আনুষ্ঠানিকভাৱে তেওঁৰ কাৰ্যকাল শেষ কৰিলে। অৱশ্যে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল বহু পূৰ্বেই অন্ত পৰিছিল। তথাপিও তেওঁক টি-২০ বিশ্বকাপ পৰ্যন্ত ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল। ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণতে বাৰ্বাডোছত ভাৰতে বিশ্বজয় কৰিলে।

বিশ্বকাপ জয়ী ভাৰতীয় দলটো কিছু পলমকৈ ভাৰতত আহি উপস্থিত হোৱাৰ পাছত জয় শ্বাহে সকলোকে ধন্যবাদ জনাই এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল। বহুতেই ধাৰণা কৰিছিল এই বাৰ্তাতে গৌতম গম্ভীৰক নতুন নিযুক্তি দিয়াৰ প্ৰসংগও থাকিব। কিন্তু সেই বাৰ্তাত এই বিষয়ে কোনা কথাই উল্লেখ নকৰাত স্বাভাৱিকতে গৌতম গম্ভীৰৰ নিযুক্তি কিয় বিলম্ব হৈছে সেই লৈ চৰ্চা আৰম্ভ হৈছিল।

এনে চৰ্চাৰ মাজতে ৯ জুলাই, ২০২৪, মঙ্গলবাৰে এক্সৰ জৰিয়তে জয় শ্বাহে দিলে সেই বাৰ্তা। তেওঁ লিখিলে- অতি আনন্দৰে আমি ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰক স্বাগতম জনাইছোঁ।

উল্লেখ্য যে, সময়ৰ সৈতে ক্ৰিকেটলৈও বহু পৰিবৰ্তন আহিছে। এই পৰিবৰ্তনেই হওঁক বা বিবৰ্তনেই হওঁক সকলো ওচৰৰ পৰা দেখিছে গৌতম গম্ভীৰে। সেয়ে গৌতম গম্ভীৰে তেওঁৰ অভিজ্ঞতাৰে ভাৰতীয় দলক এই পৰিবৰ্তনৰ মাজেৰে বহুদূৰ আগুৱাই নিব পাৰিব বুলি বিশ্বাস জয় শ্বাহৰ।

অৱশ্যে গৌতম গম্ভীৰৰ এতিয়ালৈকে প্ৰশিক্ষক হিচাপে অভিজ্ঞতা শূন্য। তেওঁ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ উপৰিও লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মেণ্টৰ হিচাপে অভিজ্ঞতা আহৰণ কৰাই নহয় সফলো হৈছে। তেওঁৰ মেণ্টৰশ্বিপতে কলকাতা নাইট ৰাইডাৰ্ছে ১০ বছৰৰ পিছত আই পি এলৰ খিতাপ জয় কৰিছে। এই দলটোৰ অধিনায়ক হিচাপে থকাৰ সময়তে গৌতম গম্ভীৰে দুবাৰকৈ আই পি এলৰ খিতাপ জয় কৰিছিল।

আই পি এলত দেখুওৱা এই সফলতা অৱশ্যে গম্ভীৰে ভাৰতীয় ক্ৰিকেট দলটো ধৰি ৰাখিব পাৰিবনে সেয়া সময়ে ক’ব। কিন্তু গম্ভীৰক লৈ আশাবাদী সকলো। গম্ভীৰৰ প্ৰশিক্ষণতে ভাৰতে পৰৱৰ্তী চেম্পিয়নছ ট্ৰফী, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, এদিনীয়া বিশ্বকাপ জয় কৰিব বুলি আশা কৰিছে সকলোৱে।

আনুষ্ঠানিকতা সম্পন্নঃ গৌতম গম্ভীৰ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক...
বানপানী প্ৰতিৰোধ, মথাউৰি নিৰ্মাণত চৰকাৰে বছৰে খৰচ কৰে ২০০০ কোটি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in