গম্ভীৰেই হ'ব টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকঃ সলনি হ'ব ক্ৰিকেটাৰ, চাপ'ৰ্টিং ষ্টাফো...

টি-২০ বিশ্বকাপৰ মাজতে চলিত মাহৰ শেষত আনুষ্ঠানিক ঘোষণা
গম্ভীৰেই হ'ব টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকঃ সলনি হ'ব ক্ৰিকেটাৰ, চাপ'ৰ্টিং ষ্টাফো...
গম্ভীৰেই হ'ব টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকঃ সলনি হ'ব ক্ৰিকেটাৰ, চাপ'ৰ্টিং ষ্টাফো...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আইয়ে আনুষ্ঠানিক ঘোষণা নকৰিলেও প্ৰাক্তন ক্ৰিকেটাৰ তথা ২০১১ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য গৌতম গম্ভীৰেই ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাটো নিশ্চিত হৈ পৰিছে। জানিব পৰা মতে টি-২০ বিশ্বকাপৰ মাজতে চলিত মাহৰ শেষৰ ভাগত বি চি চি আইয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

বিচিচিআইৰ এক সূত্ৰত প্ৰকাশ পোৱা মতে গম্ভীৰ আৰু বিচিচিআইৰ মাজত ইতিমধ্যে এই সম্পৰ্কে আলোচনা সমাপ্ত হৈছে। বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ উত্তৰসুৰী হিচাপে গম্ভীৰে ভাৰতীয় দলটোৰ এই গুৰুদায়িত্ব চম্ভালিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে।

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে দায়িত্ব পালন কৰি থকা গৌতম গম্ভীৰে এই দায়িত্ব গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেতবোৰ চৰ্তা আৰোপ কৰিছে। জানিব পৰা মতে বলিং, বেটিং, ফল্ডিং আদিৰ সহকাৰী প্ৰশিক্ষকসকলকো গম্ভীৰৰ পচন্দ অনুসৰিয়েই নিৰ্বাচিত কৰিব। এই ক্ষেত্ৰত বিচিচিআইয়ে গম্ভীৰক সেউজ সংকেট প্ৰদান কৰিছে।

স্মৰ্তব্য, বৰ্তমান ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সহযোগী হিচাপে বেটিং প্ৰশিক্ষকৰ দায়িত্বত আছে বিক্ৰম ৰাথোড়, বলিং প্ৰশিক্ষকৰ দায়িত্বত আছে পাৰস মামব্ৰে আৰু ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছে টি দীলিপ। ইয়াৰে বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ক ৰবি শাস্ত্ৰী ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে থকাৰ সময়তে নিযুক্তি দিয়া হৈছিল।

শাস্ত্ৰীৰ পাছত ৰাহুল দ্ৰাবিড়ে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লৈ আনসকল চাপ'ৰ্টিং ষ্টাফৰ সালসলনি কৰিলে যদিও বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ক তেওঁ সলনি নকৰিলে। দ্ৰাবিড়ে বিক্ৰম ৰাথোড়কে ভাৰতীয় দলটোৰ বেটিং প্ৰশিক্ষকৰ দায়িত্বতে ৰাখি নতুনকৈ নিযুক্তি দিলে পাৰছ মামব্ৰে আৰু টি দীলিপক।

সেয়ে এতিয়া গৌতম গম্ভীৰে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে ভাৰতীয় দলটোৰ এইসকল সহকাৰী প্ৰশিক্ষকৰো সালসলনি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। উল্লেখনীয় যে, বৰ্তমানৰ ফিল্ডীং প্ৰশিক্ষক টি দীলিপক বহুতেই দলৰ সৈতে থকাটো বিচাৰিছে। এই গৰাকী সহকাৰী প্ৰশিক্ষকে কেৱল খেল পথাৰৰ মাজতেই নহয়, ড্ৰেছিং ৰুমৰো পৰিবেশ সলনি কৰিবলৈ সক্ষম হৈছে।

আনহাতে গৌতম গম্ভীৰৰ আগমণে ভাৰতীয় দলটো বহু সাল সলনিৰ ইংগিত প্ৰদান কৰিছে। গম্ভীৰৰ আগমণে কেইবাজনো ক্ৰিকেটাৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ হয়তো চমু কৰি আনিব পাৰে। ইতিমধ্যে এইলৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে। অৱশ্যে এতিয়ালৈকে প্ৰশিক্ষণৰ অভিজ্ঞতা আহৰণ নকৰা গম্ভীৰে ভাৰতীয় দলটোক কিমান দূৰ আগুৱাই নিব পাৰে সেয়া সময়েহে ক'ব।

গম্ভীৰেই হ'ব টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকঃ সলনি হ'ব ক্ৰিকেটাৰ, চাপ'ৰ্টিং ষ্টাফো...
খেল বাতিল হ'লেও নাই আক্ষেপ ! প্ৰিয় খেলুৱৈক কাষত পাই উৎফুল্লিত কানাডাৰ ক্ৰিকেটাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in