'অহংকাৰী' গম্ভীৰক ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তে কৰিলে আক্ৰমণ...

'অহংকাৰী' গম্ভীৰক ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তে কৰিলে আক্ৰমণ...

author-image
Asomiya Pratidin
New Update
'অহংকাৰী' গম্ভীৰক ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তে কৰিলে আক্ৰমণ...

'অহংকাৰী' গম্ভীৰক ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তে কৰিলে আক্ৰমণ...

ডিজিটেল ডেস্কঃ বিতৰ্কক লগ নেৰা গৌতম গম্ভীৰ পুনৰ এবাৰ চৰ্চাৰ শীৰ্ষত। লিজেণ্ডছ লীগ-২০২৩ ৰ এখন মেচত প্ৰতিপক্ষৰ খেলুৱৈ তথা পূৰ্বৰ বেগী বলাৰ শ্ৰীশান্তক অপমানসূচক মন্তব্য কৰি চৰ্চাৰ শীৰ্ষত আছে গম্ভীৰ।

গৌতম গম্ভীৰৰ একালৰ সতীৰ্থ তথা ২০০৭ আৰু ২০১১ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্য এই দুয়ো ক্ৰিকেটাৰৰ মাজৰ যুঁজে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ সামাজিক মাধ্যমত দুটা শিবিৰৰ সৃষ্টি হৈছে। এটা শিবিৰে গৌতম গম্ভীৰক অহংকাৰী, বদ মেজাজি, সকলো সময়তে কাজিয়াত লিপ্ত থকাৰ লগতে মনোযোগ আকৰ্ষণৰ চেষ্টাত থাকে বুলি দাবী কৰিছে।

এইসকলে শ্ৰীশান্তৰ পক্ষ লৈছে। আনহাতে আন এচামে গৌতম গম্ভীৰৰ পক্ষ লৈ শ্ৰীশান্তকেই দোষাৰোপ কৰিছে।

প্ৰকৃততে হৈছিল কি?

লিজেণ্ডছ লীগৰ বুধবাৰৰ এখন মেচত মুখামুখী হৈছিল ইণ্ডিয়ান কেপিটেলছ আৰু গুজৰাট জায়েণ্টছ। এলিমিনেটৰ এই মেচখনক কেন্দ্ৰ কৰি দুয়ো ক্ৰিকেটাৰৰ মাজত সৃষ্টি হৈছে সংঘাত।

মেচখনত খেল পথাৰৰ দুয়োৰে মাজত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুয়োৰে মাজলৈ আহিবলৈ বাধ্য হৈছিল আম্পায়াৰো। শ্ৰীশান্তে অভিযোগ কৰা মতে গৌতম গম্ভীৰে তেওঁক প্ৰায় ৮ বাৰকৈ ফিক্সাৰ বুলি কৈ অপমানিত কৰিছে। বৰঞ্চ তেওঁ গৌতম গম্ভীৰক কোনো কথাই কোৱা নাছিল।

ইনষ্টাগ্ৰাম লাইভত শ্ৰীশান্তে ক'লে গৌতম গম্ভীৰৰ এইবোৰ কথা

বৃহস্পতিবাৰে এই সন্দৰ্ভত শ্ৰীশান্তে নিজৰ ইনষ্টাগ্ৰামত লাইভ আহি অভিযোগ কৰি কয়, গৌতম গম্ভীৰে টেলিভিছন চেনেলত তেওঁক বাৰে বাৰে ফিক্সাৰ বুলি কৈ আহিছে। শ্ৰীশান্তে কয়, মই মোৰ ফালৰ পৰা এটাও অপশব্দ প্ৰয়োগ কৰা নাছিলো। আপোনালোকে সত্যৰ পক্ষত থিয় দিয়ক। তেওঁ এয়া কেৱল মোৰ লগতে কৰা নাই। বহু লোকৰ সৈতে তেওঁ এনে কাণ্ড কৰি আহিছে। মই নাজানো তেওঁ এনেদৰে কিয় কৰিছে।

তেওঁ পুনৰ কয়, গৌতম গম্ভীৰৰ লোকসকলে কৈছে তেওঁ ছিক্সাৰ ছিক্সাৰ বুলি কৈছিল। কিন্তু গৌতম গম্ভীৰৌ কৈছিল- তই ফিক্সাৰ। এয়া কথা কোৱাৰ কোনো ধৰণ নহয়। মই ভাবি আছো এই কথাক ইয়াতেই এৰি দিওঁ, কিন্তু তেওঁৰ লোকসকলে তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা চলাই আছে। মই আপোনালোকক অনুৰোধ কৰোঁ, তেওঁৰ পিআৰে বিয়পাই দিয়া অসত্যত আপোনালোকে বিশ্বাস নকৰিব।

নিজৰ প্ৰচাৰ কৰিবলৈ গৌতম গম্ভীৰে ব্যৱহাৰ কৰে বৃহৎ ধন !

শ্ৰীশান্তৰ মতে গৌতম গম্ভীৰৰ হাতত পি আৰৰ এটা বৃহৎ দল আছে। সামাজিক মাধ্যমত নিজৰ কথা প্ৰচাৰ কৰিবলৈ বহু টকা খৰচ কৰিব পাৰে। সেইবোৰ এতিয়া তেওঁৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। শ্ৰীশান্তে কয় তেওঁ এইদৰে টকা খৰচ কৰিব নোৱাৰে। তেওঁৰ হাতত ইমান টকা নাই।

উল্লেখ্য, গৌতম গম্ভীৰেও পূৰ্বে মহেন্দ্ৰ সিং ধোনিকে ধৰি একাংশ ক্ৰিকেটাৰে তেওঁলোকৰ শক্তিশালী পি আৰ টিমৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে একাধিক প্ৰচাৰ চলাই বুলি অভিযোগ কৰিছিল।

সতীৰ্থৰ সৈতে কাজিয়াত লিপ্ত হয় গম্ভীৰ

গৌতম গম্ভীৰে যোৱা সময়ছোৱাত বহু ক্ৰিকেটাৰৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ উদাহৰণ আছে। যোৱা আই পি এলৰ সময়ছোৱাত তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰশিক্ষক হিচাপে থকাৰ সময়ত বিৰাট কোহলিৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।

বিৰাট কোহলি আৰু নবীন উল হকৰ মাজৰ কাজিয়াত নিজেই জপিয়াই পৰিছিল গম্ভীৰ। ইয়াৰ পূৰ্বেও তেওঁ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনি সম্পৰ্কেও বিৰূপ মন্তব্য কৰি আহিছে। সুযোগ পালেই ধোনিক কটাক্ষ কৰে গম্ভীৰে।

গম্ভীৰৰ কাৰুকাৰ্যৰ বাবেই তেওঁক বহুতেই হতাশাত ভূগা বুলিও ক'বলৈ আৰম্ভ কৰিছে। তেওঁৰ সম্পৰ্কত শ্ৰীশান্ত কৈছে, গৌতম গম্ভীৰে বিনা কাৰণ সদায়েই সতীৰ্থ খেলুৱৈৰ সৈতে কাজিয়াত লিপ্ত হয়।

জ্যেষ্ঠ খেলুৱৈকো তেওঁ সন্মান প্ৰদৰ্শন নকৰে। আজিও মোৰ সৈতে এনেকুৱাই হৈছে। বিনা কাৰণত তেওঁ এনেকুৱা মন্তব্য কৰিছে যি গৌতম গম্ভীৰৰ দৰে ব্যক্তিয়ে কৰিব নালাগে। মোৰ কোনো ভুল নাছিল। ক্ৰিকেট ফিল্ডত যিবোৰ শব্দ তেওঁ প্ৰয়োগ কৰিছে সেয়া গ্ৰহণযোগ্য নহয়।

গৌতম গম্ভীৰৰ ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তে কৰিলে আক্ৰমণ

শ্ৰীশান্তৰ সৈতে হোৱা সংঘাতৰ পাছতে বিষয়টোক লৈ সামাজিক মাধ্যম গৰম হৈ পৰাৰ সময়তে গৌতম গম্ভীৰে নিজৰ ইনষ্টাগ্ৰামত নিজৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, গোটেই পৃথিৱীয়ে মনযোগ আকৰ্ষণৰ পিছত দৌৰিছে, এনে পৰিস্থিতিত মই হাঁহাটোৱেই ভাল।

শ্ৰীশান্তে গৌতম গম্ভীৰৰ এই পোষ্টত অতি আক্ৰমণাত্মকভাৱে মন্তব্য কৰিছে। তেওঁ লিখিছে, আপুনি এজন খেলুৱৈ আৰু এগৰাকী ভাতৃৰ সকলো সীমা অতিক্ৰম কৰিলে। এই সকলোতকৈ ওপৰত আপুনি মানুহক প্ৰতিনিধিত্ব কৰে।তাৰ পাছতো আপুনি প্ৰতিজন ক্ৰিকেটাৰৰ সৈতে সংঘাতত লিপ্ত হয়।

শ্ৰীশান্তে লিখিছে, আপোনাৰ কি অসুবিধা আছে? মই কেৱল হাঁহি চাইছিলো আৰু আপুনি মোক ফিক্সাৰ আখ্যা দিলে। আপুনি উচ্চতম ন্যায়ালয়ৰো ওপৰত নেকি? আপোনাৰ এইদৰে কথা কোৱাৰ অধিকাৰ নাই। আপুনি আম্পায়াৰক লৈও অপশব্দ প্ৰয়োগ কৰিছে। ইয়াৰ পাছতো আপুনি হাঁহিৰ কথা কৈছে।

শ্ৰীশান্ত গৌতম গম্ভীৰক অহংকাৰী ব্যক্তি আখ্যা দিছে। তেওঁ কয়, আপুনি এজন অংহকাৰী ব্যক্তি। আপুনি আপোনাৰ প্ৰশংসকো সন্মান নকৰে, যিয়ে আপোনাক ভাল পায়। কালি লৈকে মই আপোনাক আৰু আপোনাৰ পৰিয়ালক যথেষ্ট সন্মান কৰিছিলো। কিন্তু আপুনি অপমানজনক শব্দ ফিক্সাৰ কেৱল এবাৰ নহয়, ৭-৮ বাৰ ব্যৱহাৰ কৰিছে।

ফিক্সাৰ অভিযোগৰ পৰা দোষমুক্ত ঘোষণা কৰিছে ন্যায়ালয়ে

প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্ত ২০১৩ চনৰ আই পি এলৰ ১৬ মে'ত স্পষ্ট ফিক্সিংৰ অভিযোগত অভিযুক্ত হৈছিল। আৰক্ষীয়ে সেইবাৰ ৰাজস্থান ৰয়েলছৰ তিনিজনকৈ খেলুৱৈক গ্ৰেপ্তাৰ কৰিছিল।

এইসকলৰ ভিতৰত আছিল অংকিত চৌহান, অজিত চাণ্ডিল্য আৰু এছ শ্ৰীশান্ত। ইয়াৰ পাছতে বি চি চি আইয়ে তিনিওজন খেলুৱৈকে তাৎক্ষণিকভাৱে নিলম্বিত কৰিছিল। ফলত বিশ্বকাপ বিজয়ী দলৰ অংশ শ্ৰীশান্তৰ কেৰিয়াৰ প্ৰায় শেষ হৈ পৰে।

বি চি চি আইয়ে তেওঁৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰে। অৱশ্যে শ্ৰীশান্তে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাত কৰি প্ৰথমে বি চি চি আইৰ সিদ্ধান্তৰ বিৰুদ্ধে কেৰালা উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰে।

কেৰালা উচ্চ ন্যায়ালয়ে বি চি চি আইৰ এই সিদ্ধান্ত বাহাল ৰাখে। পৰৱৰ্তী সময়ত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু উচ্চতম ন্যায়ালয়ে ২০১৯ ত তেওঁৰ বিৰুদ্ধে থকা অভিযোগ খাৰিজ কৰি বি চি চি আইয়ে তেওঁৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰৰ নিৰ্দেশ প্ৰদান কৰে।

Also Read: কেবিনেটৰ সিদ্ধান্তঃ এইবাৰৰ পৰা ভোগালীত হ'ব পৰম্পৰাগত ম'হ যুঁজ...

ক্ৰিকেট গৌতম গম্ভীৰ শ্ৰীশান্ত