ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত তিনিটা সোণ, এটা ৰূপৰ পদক লাভ জ্ঞানম হাজৰিকা...

ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত
ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত তিনিটা সোণ, এটা ৰূপৰ পদক লাভ জ্ঞানম হাজৰিকা...
ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত তিনিটা সোণ, এটা ৰূপৰ পদক লাভ জ্ঞানম হাজৰিকা...
Published on
Updated on

ডিজিটেল সংবাদ যোৰহাটঃ অসম সাঁতোৰ সংস্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাইৰ ড০ জাকিৰ হুছেইন জলক্রীড়া প্রকল্পত অনুষ্ঠিত সদ্যসমাপ্ত ৩১ সংখ্যক অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত ১৪ বছৰ অনুৰ্ধ্ব শাখাত পশ্চিম যোৰহাট বৰখঙীয়া গাঁৱৰ জ্ঞানম হাজৰিকাই ক্ৰমে ৫০, ১০০ আৰু ২০০ মিটাৰত সোণৰ পদক আৰু ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে জ্ঞানমে অহা ৬ ৰ পৰা ১১ আগষ্টলৈ ভূবেনেশ্বৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় সাঁতোৰ (SFI) খেলত ৫০ আৰু ১০০ মিটাৰ ব্রেষ্ট ষ্টক খেলাৰ বাবে নিৰ্বাচিত হৈছে। ইয়াৰোপৰি এটা ৰেলী ইভেণ্টৰ বাবেও নিৰ্বাচিত হৈছে ।

তেওঁ বিগত জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছত ৫০ আৰু ১০০ মিটাৰ ব্ৰেষ্ট ষ্টকত চাৰি আৰু পাঁচ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। জ্ঞানম হাজৰিকা সাংবাদিক তথা পশ্চিম যোৰহাটৰ সাংবাদিক সংস্থাৰ পত্ৰিকা সম্পাদক সঞ্জীৱ হাজৰিকা আৰু বৰ্ষা ফুকন হাজৰিকাৰ একমাত্ৰ পুত্ৰ।

ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত তিনিটা সোণ, এটা ৰূপৰ পদক লাভ জ্ঞানম হাজৰিকা...
পুনৰ BTAD ত জব্দ বৃহৎ অস্ত্ৰ ভাণ্ডাৰঃ জিপি সিঙে এক্সৰ জৰিয়তে দিলে খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in