ৰাজনৈতিক আশীৰ্বাদ নে নিজা দক্ষতা, কাৰ বলত ICC ৰো অধ্যক্ষ হ'ল জয় শ্বাহ?

২১ বছৰতে হৈছিল জি চি এৰ সদস্য, ৩১ বছৰত বি চি চি আইৰ সচিব, ৩৬ বছৰত আই চি চিৰ অধ্যক্ষৰ দায়িত্ব লাভ
ৰাজনৈতিক আশীৰ্বাদ নে নিজা দক্ষতা, কাৰ বলত ICC ৰো অধ্যক্ষ হ'ল জয় শ্বাহ?
ৰাজনৈতিক আশীৰ্বাদ নে নিজা দক্ষতা, কাৰ বলত ICC ৰো অধ্যক্ষ হ'ল জয় শ্বাহ?
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটত এতিয়া ক্ৰিকেটৰ চৰ্চাৰ পৰিবৰ্তে চৰ্চা চলিছে এগৰাকী প্ৰশাসকক লৈহে। মাত্ৰ ৩৬ বছৰ বয়সতে আই চি চিৰ অধ্যক্ষৰ পদত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত এইগৰাকী ক্ৰিকেট প্ৰশাসক লৈ এতিয়া বিশ্বজুৰি বৃদ্ধি পাইছে উৎসুকতা।

কিদৰে তেওঁ ইমান কম সময়তে এই উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ’ল, তেওঁৰ এই সফলতাৰ আঁৰৰ ৰহস্য কি সেয়া এতিয়া বহুতৰে বাবে প্ৰশ্নৰ বিষয়। বহুতেই তেওঁৰ উত্তৰণত ৰাজনৈতিক আশীৰ্বাদ বুলি দাবী কৰাৰ সমান্তৰালকৈ আকৌ বহুতেই তেওঁৰ প্ৰশাসক হিচাপে দক্ষতাৰ বাবেই এই উত্তৰণ বুলিও ক’ব বিচাৰে।

জয় অমিতভাই শ্বাহ, ভাৰতীয় ক্ৰিকেটৰ বাবে এই নাম নতুন হৈ থকা নাই। বি চি আইৰ সচীব জয় শ্বাহ আজিৰ তাৰিখত ভাৰতৰে নহয়, বিশ্ব ক্ৰিকেটৰে এগৰাকী প্ৰভাৱশালী প্ৰশাসক। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব হিচাপে সফলতাৰে দায়িত্ব পালন কৰি এইবাৰ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হোৱা জয় শ্বাহৰ এই উত্তৰণ যেন সাধু কথাৰহে ৰূপান্তৰ।

১৯৮৮ চনত ২২ ছেপ্টেম্বৰ গুজৰাটত এটা ৰাজনৈতিক পৰিয়ালত জন্ম হৈছিল জয় শ্বাহৰ। গুজৰাটতেই শিক্ষাগ্ৰহণ কৰি ডাঙৰ হোৱা জয় শ্বাহে আহমেদাবাদৰ নিৰমা বিশ্ববিদ্যালয়ৰ পৰাই গ্ৰহণ কৰে বিটেক ডিগ্ৰী। পিতৃ অমিত শ্বাহ সেই সময়ত গুজৰাটৰ শক্তিশালী ৰাজনৈতিক নেতা হোৱাৰ সোৱাদতে জয় শ্বাহে গুজৰাট ক্ৰিকেট এছোচিয়েছনত সহজতেই প্ৰবেশ কৰিবলৈ সক্ষম হৈছিল।

মাত্ৰ ২১ বছৰ বয়সতে ২০০৯ চনত গুজৰাট ক্ৰিকেট এছোচিয়েছনৰ সদস্য হয় জয় শ্বাহ। ইয়াৰ পিছত ২৫ বছৰ বয়সত ২০১৩ চনত জয় শ্বাহে লাভ কৰে গুজৰাট ক্ৰিকেট এছোচিয়েছনৰ যুটীয়া সচিবৰ দায়িত্ব। এই দায়িত্বত থকাৰ সময়তে তেওঁ আহমেদাবাদৰ চৰ্দাৰ বল্লভ পাই পেটেল ক্ৰীড়া প্ৰকল্পৰ পুনৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ইয়াৰ পিছত ২০১৪ ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ পৰিবৰ্তন হয়। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে গঠন কৰে চৰকাৰ। নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত অমিত শ্বাহে লাভ কৰে গৃহমন্ত্ৰীৰ দায়িত্ব। বিজেপিৰ চৰকাৰত মোডীৰ পিছতেই অতি শক্তিশালী নেতা হৈ পৰে অমিত শ্বাহ।

সমান্তৰালকৈ জয় শ্বাহৰ ক্ৰিকেট প্ৰশাসক হিচাপে আৰম্ভ হোৱা কেৰিয়াৰেও এক নতুন মাত্ৰা লাভ কৰে। ২০১৫ চনতে জয় শ্বাহৰ বি চি চি আইত প্ৰবেশ ঘটে। তেওঁ লাভ কৰে বি চি চি আইৰ ফাইনেন্স এণ্ড মাৰ্কেটিং কমিটীত গুৰুত্বপূৰ্ণ দায়িত্ব। ৪ বছৰ এই কমিটীত থাকি তেওঁ ২০১৯ ৰ অক্টোবৰ মাহত মাত্ৰ ৩১ বছৰ বয়সতে বি চি চি আইৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে।

সেই বাৰ বি চি চি আইৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে। গাংগুলীৰ নেতৃত্বত গঠন হোৱা বি চি চি আইৰ এই এপেক্স কাউন্সিলত সৰ্বকনিষ্ঠ সদস্য তথা বি চি চি আইৰ ইতিহাসত সৰ্বকনিষ্ঠ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে জয় শ্বাহে।

বি চি চি আইক প্ৰতিনিধিত্ব কৰিয়েই জয় শ্বাহে ২০২১ ত এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। ২০২২ ত বি চি চি আইৰ সচিব হিচাপে তেওঁ পুনৰ নিৰ্বাচিত হয়। এই সময়তে তেওঁ আই পি এলৰ মিডিয়া স্বত্ব অভিলেখ সংখ্যক ৪৮,৩৯০ কোটি টকাত বিক্ৰী কৰে। ইয়াৰ লগে লগে  আই পি এল হৈ পৰে বিশ্বৰ দ্বিতীয় সৰ্বাধিক ধনী ক্ৰীড়া লীগ।

জয় শ্বাহৰ ক্ৰিকেট প্ৰশাসকৰ এই যাত্ৰাৰ উত্থান ২০২৪ তো অব্যাহত থাকে। ২০২৪ ৰ জানুৱাৰীত তেওঁ পুনৰবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ নিৰ্বাচিত হয়। এই একেটা বছৰতে শেহতীয়াকৈ চলিত আগষ্ট মাহতে আই চি চিৰ অধ্যক্ষ হিচাপেও বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।

অহা ডিচেম্বৰৰ ১ তাৰিখে তেওঁ অনুষ্ঠানিকভাৱে এই দায়িত্ব গ্ৰহণ কৰিব। আই চি চিৰ অধ্যক্ষ হোৱাৰ ক্ষেত্ৰত জয় শ্বাহে কাৰোপৰা বাধাৰ সন্মুখীন নহ’ল যদিও পাকিস্তান ক্ৰিকেট ব’ৰ্ডে অৱশ্যে তেওঁক সমৰ্থন দিয়াৰ পৰা বিৰত থাকে।

আই চি চিৰো সৰ্ব কনিষ্ঠ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ গৌৰৱ অৰ্জন কৰা জয় শ্বাহে এই পদৰ বাবে মনোনয়ন দাখিলৰ সময়ত ১৬ সদস্য ৰাষ্ট্ৰৰ ১৫ খন ৰাষ্ট্ৰৰে সমৰ্থন লাভ কৰিলে। অহা ডিচেম্বৰ মাহৰ ১ তাৰিখে তেওঁ এই দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব।

বিটেক ডিগ্ৰীধাৰি জয় শ্বাহে যদিও এগৰাকী সফল ক্ৰিকেট প্ৰশাসক হিচাপে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে তথাপিও তেওঁ ক্ৰিকেট খেলুৱৈ নহয়। ক্ৰিকেটৰ লগত তেনে সম্পৰ্ক নথকাৰ বাবেই অৱশ্যে বিভিন্ন পক্ষৰ পৰা  সমালোচিত হৈয়ো আহিছে।

সেয়া যিয়েই নহওক ক্ৰিকেটৰ সৈতে জয় শ্বাহৰ তেনেধৰণৰ সম্পৰ্ক নাথাকিলেও কিন্তু ক্ৰিকেট প্ৰশাসক হিচাপে জয় শ্বাহে লোৱা কেতবোৰ সিদ্ধান্তই ভাৰতীয় ক্ৰিকেটক এক নতুন মাত্ৰা প্ৰদান কৰিছে। বিশেষকৈ জয় শ্বাহৰ আগমণৰ পাছতে ঘৰুৱা ক্ৰিকেটাৰসকল আৰ্থিকভাৱে টনকিয়াল হৈছে।

ঘৰুৱা ক্ৰিকেট পুনৰ প্ৰাণৱন্ত হৈ উঠিছে। ভাৰতীয় দলৰ খেলুৱৈ পুনৰ ঘৰুৱা ক্ৰিকেট খেলিবলৈ বাধ্য হৈছে। আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই তেওঁ প্ৰতিভাৰ সন্ধান আৰু টেষ্ট ক্ৰিকেটক গুৰুত্ব দিব বুলিও জানিবলৈ দিছে।

ৰাজনৈতিক আশীৰ্বাদ নে নিজা দক্ষতা, কাৰ বলত ICC ৰো অধ্যক্ষ হ'ল জয় শ্বাহ?
আজিৰ পৰা পেৰিছত সপ্তদশ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in