ICC য়ে নিলম্বন কৰিলে শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক...

ICC য়ে নিলম্বন কৰিলে শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক...

Published on

ডিজিটেল ডেস্কঃ এইবাৰ বিশ্বকাপত শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰদৰ্শন ভাল নহয়। ইয়াৰ মাজতে দলটো আই এক সমস্যাৰ সন্মুখীন হয় । আইচিচিয়ে নিলম্বন কৰিলে শ্ৰীলংকা ক্ৰিকেটৰ সদস্য পদ। নিয়ম ভংগ কৰাৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত লয় আইচিচিয়ে।

আইচিচি ব'ৰ্ডৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত এই সিদ্ধান্ত লোৱা হয়। আই চি চিৰ সদস্য হিচাপে শ্ৰীলংকা ক্ৰিকেট বৰ্ডৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগ আছে। এই অভিযোগৰ ভিতৰত ৰাজনৈতিক হস্তক্ষেপ অন্যতম।

উল্লেখ্য যে, শ্ৰীলংকাৰ সংসদে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে দেশৰ ক্ৰিকেট পৰিচালনা সমিতিক বৰ্খাস্ত কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছিল। ইয়াত শাসকীয় দল আৰু বিৰোধী দলসমূহৰ সম্পূৰ্ণ সমৰ্থন আছিল।

মুখ্য বিৰোধী দলৰ নেতা সাজিথ প্ৰেমদাসাই সংসদত 'দুৰ্নীতিগ্ৰস্ত শ্ৰীলংকা ক্ৰিকেট (এছএলচি) পৰিচালনা আঁতৰোৱা' শীৰ্ষক এক প্ৰস্তাৱ উত্থাপন কৰিছিলি। এই প্ৰস্তাৱক চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী নিমল চিৰিপালাই সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।

গতিকে এয়া আইচিচিৰ নিয়মৰ বাহিৰত। নিয়ম অনুসৰি সিদ্ধান্ত আইচিচিয়ে ল'ব। কিন্তু ৰাজনৈতিকভাৱে হস্তক্ষেপ কৰাৰ বাবে এই সিদ্ধান্ত লয় আইচিচিয়ে।

ICC য়ে নিলম্বন কৰিলে শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক...
৩ বছৰ পাছত স্বদেশলৈ: পাকিস্তানে মুকলি কৰি দিলে ৮০ জন ভাৰতীয় মাছমৰীয়াক
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in