আই চি চি অনুৰ্দ্ধ-১৯ মহিলা বিশ্বকাপৰ সময় সূচী ঘোষণা

আই চি চি অনুৰ্দ্ধ-১৯ মহিলা বিশ্বকাপৰ সময় সূচী ঘোষণা
Published on
Updated on

ডিজিটেল ডেস্ক : ঘোষণা কৰা হৈছে আই চি চি অনুৰ্দ্ধ-১৯ মহিলা টি-২০ বিশ্বকাপৰ সময় সূচী। ১৮ আগষ্ট দেওবাৰে বিশ্ব ক্ৰিকেটৰ অভিভাৱক সংস্থা আই চি চিয়ে অনুৰ্দ্ধ-১৯ মহিলা টি-২০ বিশ্বকাপ সন্দৰ্ভত কেতবোৰ তথ্য ৰাজহুৱা কৰে।

আসন্ন টি-২০ বিশ্বকাপ প্ৰতিযোগিতা মালেছিয়াত অনুষ্ঠিত হ’ব। ২০২৫ বৰ্ষৰ ১৮ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব বিশ্বকাপৰ মেচ। তাৰোপৰি বিশ্বকাপত ভাগ ল’ব লগা দলসমূহো গ্ৰুপ অনুসৰি ভাগ কৰি দিয়ে।

মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিব বিশ্বকাপত। এই আটাইকেটা দলক ৪টা গ্ৰুপত ভাগ কৰা হৈছে।

উক্ত প্ৰতিযোগিতাখনত মুঠ ৪১ খন মেচ অনুষ্ঠিত হ’ব। ১৯ জানুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই।

উল্লেখযোগ্য যে ৪টা গ্ৰুপত ভাগ কৰা দলকেইটা তলত উল্লেখ কৰা হ’ল-

  • ‘ক’ গ্ৰুপ :  ভাৰত, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা আৰু মালয়েছিয়া।

  • ‘খ’ গ্ৰুপ : ইংলেণ্ড, পাকিস্তান, আয়াৰলেণ্ড আৰু আমেৰিকা।

  • ‘গ’ গ্ৰুপ : নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, আফ্ৰিকান কোৱালিফায়াৰ চামোয়া।

  • ‘ঘ’ গ্ৰুপ : অষ্ট্ৰেলিয়া, বাংলাদেশ, এছিয়ান কোৱালিফায়াৰ আৰু স্কটলেণ্ড।

আই চি চি অনুৰ্দ্ধ-১৯ মহিলা বিশ্বকাপৰ সময় সূচী ঘোষণা
ক'ত হ'ব ICC মহিলা টি-২০ বিশ্বকাপ? অস্থিৰ বাংলাদেশৰ বিকল্পৰ সন্ধান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in