ৱাংখাড়েত আজি প্ৰথম ছেমি ফাইনেল : অপ্ৰতিৰোধ্য ভাৰতৰ গতি ৰুদ্ধ কৰিবলৈ প্ৰস্তুত নিউজিলেণ্ড

টছ হ'ব গুৰুত্বপূৰ্ণ। যিটো দলে টছত জয়ী হ'ব তাৰেই ভাগ্য উদয় হোৱাৰ সম্ভাৱনা ! কিয়নো দ্বিতীয় ইনিংছত বেট কৰাটো মুঠেই সহজ নহ'ব।

author-image
Asomiya Pratidin
New Update
ৱাংখাড়েত আজি প্ৰথম ছেমি ফাইনেল : অপ্ৰতিৰোধ্য ভাৰতৰ গতি ৰুদ্ধ কৰিবলৈ প্ৰস্তুত নিউজিলেণ্ড

ডিজিটেল ডেস্ক : ফাইনেলসদৃশ এখন ছেমি ফাইনেল। প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ'ব চিৰপৰিচিত মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত। আজি বিশ্বকাপৰ প্ৰথম ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া আৰু যোৱা বিশ্বকাপৰ ৰাণাৰ্ছ-আপ নিউজিলেণ্ড।

টীম ইণ্ডিয়াৰ বাবে ৱাংখাড়ে তেনেই চিনাকি। ২০১১ৰ ২ এপ্ৰিলৰ নিশা ভাৰতবাসীয়ে আয়োজন কৰিছিল আবতৰীয়া দেৱালী। সেই নিশাই ১৯৮৩ চনৰ পৰা সুদীৰ্ঘ ২৮ বছৰৰ মূৰত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে দ্বিতীয়বাৰৰ বাবে দখল কৰিছিল বিশ্বকাপৰ খিতাপ।

প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ৱাংখাড়ে আৱেগস্বৰূপ আৰু আজি এইখন ষ্টেডিয়ামতে নিউজিলেণ্ডৰে ছেমিত মুখামুখি হ'ব ৰোহিত বাহিনী। সম্প্ৰতি অধিক আত্মবিশ্বাসী টীম ইণ্ডিয়া। মূল একাদশ প্ৰায় একেই থাকিব। ৰোহিত-গীলে মুকলি কৰিব দলৰ ইনিংছ। কোহলি-ৰাহুল-আয়াৰে চম্ভালিব মিডল অৰ্ডাৰ। বলিঙতো অপৰিৱৰ্তিত।

নিউজিলেণ্ড বধৰ বাবে সুকীয়াকৈ প্ৰস্তুত কৰিছে ৰণকৌশল। কিয়নো অন্তিম মুহূৰ্ত্তলৈকে যুঁজ দিয়াৰ ক্ষমতাত কিৱি বাহিনী অনন্য। তাৰ প্ৰমাণ বহুসংখ্যক মেচত দিয়াৰ উপৰি যোৱা বিশ্বকাপতো দি থৈছে। ঢাল-তৰোৱাললৈ সাজু হোৱা ভাৰতক লৈ চিন্তিত কেন উইলিয়ামচন বাহিনী। ভাৰতৰ প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ ফৰ্মত।

আনহাতে টছ হ'ব গুৰুত্বপূৰ্ণ। যিটো দলে টছত জয়ী হ'ব তাৰেই ভাগ্য উদয় হোৱাৰ সম্ভাৱনা ! কিয়নো দ্বিতীয় ইনিংছত বেট কৰাটো মুঠেই সহজ নহ'ব। চলিত বিশ্বকাপৰ ৪খন মেচ অনুষ্ঠিত হৈছে ৱাংখাড়েত।

ইয়াৰ ভিতৰত ৰান অনুসৰণ কৰি জয়ী হোৱা একমাত্ৰ দল হৈছে অষ্ট্ৰেলিয়া। আফগানিস্তানৰে হোৱা মেচখনত পৰাজয়ৰ গৰাহৰ পৰা অষ্ট্ৰেলিয়াক উদ্ধাৰ কৰিছিল গ্লেন মেক্সৱেলৰ সেই অলৌকিক ইনিংছে। সেয়ে টছত জিকি বেটিং কৰাই হ'ব বুদ্ধিমানৰ কাম। ইতিমধ্যে ভাৰতৰ জয়ৰ গতি ৰুদ্ধ কৰিবলৈ নিউজিলেণ্ড প্ৰস্তুত। অপেক্ষা মাত্ৰ সময়লৈ।

Also Read: ইউৰোপিয়ান ৰাষ্ট্ৰত জঘন্য ঘটনা : দেহৰ বিনিময়ত বিদেশী শিক্ষাৰ্থীয়ে পায় ভাড়াঘৰ

wankhede stadium cricket ICC world cup india