বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ : কাইলৈৰ পৰা সংগ্ৰহ কৰিব পাৰিব টিকট,জানি লওক দামসমূহ

বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ : কাইলৈৰ পৰা সংগ্ৰহ কৰিব পাৰিব টিকট,জানি লওক দামসমূহ

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ : কাইলৈৰ পৰা সংগ্ৰহ কৰিব পাৰিব টিকট,জানি লওক দামসমূহ

ডিজিটেল ডেস্ক : কেইবাখনো আন্তৰ্জাতিক পৰ্যায়ৰ মেচ অনুষ্ঠিত কৰি অভিজ্ঞতাৰে পুষ্ট হৈ উঠিছে অসম ক্ৰিকেট সন্থা। সন্থাই পুনৰ আয়োজন কৰিবলৈ ওলাইছে আন এখন আন্তৰ্জাতিক মেচ।

২৮ নৱেম্বৰত অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত বনাম অষ্ট্ৰেলিয়াৰ টি-২০ মেচ। বিশ্বকাপৰ পিছতে অনুষ্ঠিতব্য মেচখনলৈ উৎসুক অসম তথা উত্তৰ-পূবৰ ক্ৰিকেটপ্ৰেমী।

ইতিমধ্যে অসম ক্ৰিকেট সন্থাই মুকলি কৰিছে টিকটৰ নিৰিখ। সন্থাই প্ৰকাশ কৰা অনুসৰি ৯ নৱেম্বৰৰ পৰা দৰ্শকে সংগ্ৰহ কৰিব পাৰিব টিকট। কাইলৈ পুৱা ৯-০০ বজাৰ পৰা বুক মাই শ্ব'যোগে দৰ্শকে সংগ্ৰহ কৰিব পাৰিব ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিতব্য মেচৰ টিকট।

সন্থাই প্ৰকাশ কৰা অনুসৰি টিকটৰ সৰ্বোচ্চ মূল্য ৪হাজাৰ আৰু সৰ্বনিম্ন ৫শ টকা। অৱশ্যে ৫শ টকা শিক্ষাৰ্থী বাবেহে। অন্যহাতে সাধাৰণ শ্ৰেণীৰ টিকটৰ বাবে ৭৫০ টকা ধাৰ্য কৰা হৈছে।

Also Read: জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি

indvsaus assam cricket association BARSHAPARA