টেষ্ট ক্ৰিকেটত ৫০০ উইকেট সম্পূৰ্ণ ৰবিচন্দ্ৰন অশ্বিনৰ...
টেষ্ট ক্ৰিকেটত ৫০০ উইকেট সম্পূৰ্ণ ৰবিচন্দ্ৰন অশ্বিনৰ...

টেষ্ট ক্ৰিকেটত ৫০০ উইকেট সম্পূৰ্ণ ৰবিচন্দ্ৰন অশ্বিনৰ...

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত এই অভিলেখ
Published on

ডিজিটেল ডেস্কঃ টেষ্ট ক্ৰিকেটত ৫০০ টা উইকেট সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা তৃতীয়খন টেষ্টত এই কৃতিত্বৰ অধিকাৰী হ'ল অশ্বিন।

উল্লেখ্য যে, তৃতীয়খন টেষ্টৰ দ্বিতীয়টো দিনত ভাৰতে ৪৪৬ ৰাণত প্ৰথম ইনিংছ সামৰে। দ্বিতয় দিনটোত বেটিং কৰিবলৈ আহি ৰবীন্দ্ৰ জাডেজাই ১১২ ৰাণত, কুলদ্বীপ যাদৱ ৪ ৰাণতে আউট হয়।

ইয়াৰ পিছতে নৱাগত ধ্ৰুৱ জুৰেল আৰু অশ্বিনে ভাৰতৰ ইনিংছ চম্ভালে। অশ্বিনৰ বেটৰ পৰা আহে ৩৭ ৰাণ আৰু জুৰেলৰ বেটৰ পৰা আহে ৪৬ ৰাণ। সেইদৰে যশপ্ৰীত বুমৰাহে ১৬ ৰাণ আৰু ছিৰাজে ৩ ৰাণ সংগ্ৰহ কৰে। ইফালে ইংলেণ্ডে বেটিং কৰিবলৈ অহাৰ পূৰ্বে বেটছমেনৰ পেনাল্টিৰ বাবে লাভ কৰে ৫ ৰাণ।

সৌৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই তৃতীয়খন টেষ্টত বহু কেইটা কাৰণত ভাৰতৰ বাবে বিশেষ হৈ পৰিছে। টেষ্টখনত আত্মপ্ৰকাশ কৰিছে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰিও ভাৰতীয় দলত স্থান লাভৰ পৰা বঞ্চিত হৈ অহা ছৰফৰাত খানে স্থান লাভ কৰিছে।

আত্মপ্ৰকাশৰ মেচতে তেওঁ উপহাৰ দিছে দৰ্শনীয় অৰ্ধশতক। একেদৰে দীৰ্ঘদিনীয়া ব্যৰ্থতাৰ অন্তত ৰোহিত শৰ্মাৰ বেটৰ পৰা আহিল এটা শতক। একেদৰে শতকীয় ইনিংছ উপহাৰ দিলে ৰবীন্দ্ৰ জাডেজাই।

ৰোহিত আৰু জাডেজাৰ শতক এনে সময়ত আহিছে যি সময়ত দলৰ অপেনাৰ যশস্বী জয়ছোৱাল, তিনি নং স্থানত বেটিং কৰিবলৈ অহা শুভমণ গিল ৪ নং স্থানত বেটিং কৰিবলৈ অহা ৰজত পাটিদাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

টেষ্ট ক্ৰিকেটত ৫০০ উইকেট সম্পূৰ্ণ ৰবিচন্দ্ৰন অশ্বিনৰ...
দিল্লী IIT ত এম টেকৰ ছাত্ৰই ল'লে চৰম পন্থা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in