ভাগ্য আমাৰ সুপ্ৰসন্ন নাছিল....

ভাগ্য আমাৰ সুপ্ৰসন্ন নাছিল....
ভাগ্য আমাৰ সুপ্ৰসন্ন নাছিল....
Published on
Updated on

ডিজিটেল ডেস্কঃ যেন এখন ৰূপালী পৰ্দাৰ ছবিৰ বাবে কোনোবা দক্ষ চিত্ৰনাট্যকাৰে ৰচনা কৰা চিত্ৰনাট্যহে আছিল এয়া। বিষাদ, সংগ্ৰাম, সপোন, আশা সকলো উপাদানেৰে সমৃদ্ধ আছিল এই চিত্ৰনাট্য।

আছিল সংগ্ৰাম, উত্তেজনা, উৎকণ্ঠা, ৰোমানঞ্চ আৰু হাস্যৰসো। উৎকণ্ঠা আৰু উত্তেজনাৰ মাজে মাজে দেখিবলৈ পোৱা হাস্যৰসৰ মাজতো আছিল কৰুণ সুৰ। আছিল দুৰ্ভাৱনা।

শেষত সেই দুৰ্ভাৱনাই হ'ল বাস্তৱ। এই বাস্তৱো অসহ্যকৰ। তথাপিও সকলোৱে মানি ল'ব লাগিব এই বাস্তৱক, এয়াই টেষ্ট ক্ৰিকেটৰ চৰিত্ৰ।

ভাৰত-নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰত ৮ উইকেটত পৰাস্ত হ'ল। এই পৰাজয় অৱশ্যে সাধাৰণ হৈয়ো অসাধাৰণ হৈ ৰ'ল। বৰষুণৰ বাবে প্ৰথম দিনা এটা অভাৰৰো খেল নহ'ল।

দ্বিতীয় দিনটোত টছত জয়ী প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল অধিনায়ক ৰোহিত শৰ্মাই। এয়া আছিল ভাৰতৰ আত্মঘাটি সিদ্ধান্ত। এই ভুল স্বীকাৰ কৰি লৈছে অধিনায়ক ৰোহিতেও।

এই ভুলৰ পৰিণতিতে ভাৰতে প্ৰথম ইনিংছত ৪৬ ৰাণতে হেৰুৱালে আটাইকেইটা উইকেট। প্ৰথম ইনিংছত যশস্বী জয়ছোৱালৰ ১৩, ঋষভ পণ্টৰ ২০, ৰোহিত শৰ্মাৰ ২, কুলদ্বীপ যাদৱৰ ২, যশপ্ৰীত বুমৰাহৰ ১ আৰু মহম্মদ ছামিৰ ৪ ৰাণৰ বাহিৰে বিৰাট, ছৰফৰাজ, ৰাহুল, জাডেজা, অশ্বিন আটাইকেইজন শূন্যতে আউট হ'ল।

ভাৰতীয় দলৰ এনে ছন্দ পতন আছিল অকল্পনীয়, অসহ্যকৰ। ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া চৰিত্ৰ বিশ্লেষণ কৰি এই ছন্দ পতনত আচৰিত হৈ পৰিল ক্ৰিকেট বিশ্ব। অৱশ্যে সকলোৰে বিশ্বাস আছিল ভাৰতে যুঁজিব।

ৰোহিত শৰ্মাই দলটোৰ খেলুৱৈৰ মানসিকতাক সলনি কৰিছে। সেই মতেই যুঁজিলেও ভাৰতীয় দলটোৱে। প্ৰথম ইনিংছত ২ ৰাণতে আউট হোৱা ৰোহিত দ্বিতীয় ইনিংছত অৰ্ধশতক কৰিলে।

যশস্বী জয়ছোৱালে কৰিলে ৩৫ ৰাণ। তৃতীয় উইকেটত আহি বিৰাট কোহলিয়ে খেলিলে ৭০ ৰাণৰ এটা সুন্দৰ ইনিংছ। চতুৰ্থ স্থানত বেটিং কৰিবলৈ আহি তৰুণ ক্ৰিকেটাৰ ছৰফৰাজ খানে যুঁজাৰু মানসিকতাৰে কিৱি বলাৰক দিশহাৰা কৰি সংগ্ৰহ খেলিলে ১৫০ ৰাণৰ ইনিংছ।

এটা যোগ্য শতকৰ পৰা মাত্ৰ ১ টা ৰাণৰ বাবে বঞ্চিত হ'ল ঋষভ পণ্ট। পণ্টৰ ক্ৰিকেট ইতিহাসত এনে অবাঞ্চিত ঘটনাৰ উদাহৰণ বহু আছে। তাৰ পাছতো যেন অসহায় হৈ পৰিছিল সকলো। কেনেকৈ গৈ গ'ল সেই অঘটন? সকলোৰে মনত একেটাই প্ৰশ্ন।

দ্বিতীয় ইনিংছত ৰোহিত শৰ্মা যিদৰে অপ্ৰত্যাশিতভাৱে আউট হ'ল সেই বেদনাৰ পৰা ক্ৰিকেট অনুৰাগীসকল বাহিৰ নহওঁতেই তৃতীয় দিনৰ অন্তিম বলত আউট হয় বিৰাট কোহলি। এয়াও আছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে অতি বেদনাদায়ক।

চতুৰ্থ দিনত ছৰফৰাজ আৰু ঋষভ পণ্টৰ যুটীয়ে আশাৰ সঞ্চাৰ কৰিছিল। ভাৰতৰ হৈ প্ৰথমটো শতক অৰ্জন কৰাই নহয়, নিশ্চিত পৰাজয়ৰ এই টেষ্টখনত জয়ৰ সপোন দেখিবলৈ বাধ্য কৰাইছিল ছৰফৰাজে।

বেকফুটত থাকি ছৰফৰাজে যিধৰণে ১৫০ ৰাণৰ ইনিংছ খেলিলে খেই ইনিংছ দীৰ্ঘ সময়ৰ বাবে মনত থাকিব ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ। পূৰ্বৰ দৰেই পুনৰ এবাৰ নাৰ্ভাছ ৯০ ৰ চিকাৰ হ'ল ঋষভ পণ্ট।

৯৯ ৰাণত আউট হৈ পেভিলয়নলৈ পণ্ট ঘূৰি যোৱাৰ দৃশ্য আছিল প্ৰথম টেষ্টৰ অন্যতম কৰুণ দৃশ্য। ড্ৰেছিং ৰুমৰ ঠিক সন্মুখত বহি থকা জাডেজা, অশ্বিন, বিৰাট, ৰোহিত সকলোৰে প্ৰতিক্ৰিয়াই বহু কথাই কৈ দিছিল।

ছৰফৰাজ আৰু পণ্টৰ যুটিৰ পতনৰ পাছতেই তাচপাতৰ দৰে পুনৰ এবাৰ খহি পৰিল ভাৰতীয় উইকেট। ৭ উইকেটত ভাৰতে সংগ্ৰেহ কৰিলে মাত্ৰ ৬২ ৰাণ। পুনৰ এবাৰ ব্যৰ্থ হ'ল ৰাহুল, জাডেজা, অশ্বিন।

তথাপিও ৪৬ ৰাণতে প্ৰথম ইনিংছ সামৰা ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ সন্মুখত বান্ধি দিলে ১০৭ ৰাণৰ লক্ষ্য। নিউজিলেণ্ডৰ বাবে এই লক্ষ্য বৰ কঠিন নাছিল। তথাপিও ভাৰতে আশা এৰি দিয়া নাছিল।

পঞ্চম দিনৰ প্ৰথম অভাৰৰ দ্বিতীয় বলতেই নিউজিলেণ্ডৰ অধিনায়ক টম লেথামৰ উইকেট লৈ বুমৰাহে সেই আশাক অধিক গাঢ় কৰিছিল। মহম্মদ ছিৰাজৰ হাতৰ পৰা ওলাই যোৱাৰ পাছত প্ৰতিটো বল যেন একো একোটা গুলীলৈহে ৰূপান্তৰ হৈছিল।

পিছে ভাগ্য সুপ্ৰসন্ন নাছিল ভাৰতৰ। ষ্টাম্প স্পৰ্শ কৰো কৰোকৈ প্ৰায় প্ৰতিটো বলেই উইকেট কীপাৰৰ হাতত সোমাইছিলগৈ। কেৱল ইস্, আস্ কৰাৰ বাহিৰে ভাৰতীয় ক্ৰিকেটাৰৰ আৰু বেলেগ বিকল্প একো নাছিল।

তেনেকৈয়ে অৱশেষত ৮ উইকেটত বিজয়ী হয় নিউজিলেণ্ড। দলটোৰ হৈ দ্বিতীয় ইনিংছত ডেভন কনৱেই ১৭, উইল য়ঙে ৪৮ আৰু ৰচীন ৰবীন্দ্ৰই ৩৯ ৰাণ কৰে। এইদৰেই প্ৰথম টেষ্ট ভাৰতৰ হাতৰ পৰাই কাঢ়ি নিলে নিউজিলেণ্ড। যুঁজ দিয়ো পৰাস্ত হ'ল ভাৰত।

এই পৰাজয়ক বহুতেই বহু ধৰণে বিশ্লেষণ কৰিছে। কাৰোবাৰ মতে ভাৰতে ৰাহুল, জাডেজা, অশ্বিনে যদি আৰু ১০০ ৰাণ সংযোগ কৰিব পাৰিলে হয় তেন্তে ভাৰতৰ বিজয় নিশ্চিত আছিল।

কাৰোবাৰ মতে নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ৰচিন ৰবীন্দ্ৰৰ ইনিংছটোৰ বাবেই ভাৰতৰ এই পৰাজয়। বহুতেই আন ধৰণেও টেষ্টখন বিশ্লেষণ কৰিছে। প্ৰথম ইনিংছৰ ব্যৰ্থতাৰ পৰা শিক্ষা লৈ ভাৰতে দ্বিতীয় ইনিংছত যুঁজ দিলে। ৪৬ ৰাণত পৰাস্ত হোৱা দলটোৱে দ্বিতীয় ইনিংছত কৰিলে ৪৬২ ৰাণ। সেয়ে বহুতৰ মতে সকলো ঠিকেই আছিল। ভাগ্য আমাৰ সুপ্ৰসন্ন নাছিল।

ভাগ্য আমাৰ সুপ্ৰসন্ন নাছিল....
ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক প্ৰদৰ্শনঃ ৫ জনেই শূন্যত আউট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in