ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক প্ৰদৰ্শনঃ ৫ জনেই শূন্যত আউট...

বিৰাট, ছৰফৰাজ, ৰাহুল, জাডেজা, অশ্বিন শূন্যতে আউট, ৰোহিতৰ ২ ৰাণ
ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক প্ৰদৰ্শনঃ ৫ জনেই শূন্যত আউট...
ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক প্ৰদৰ্শনঃ ৫ জনেই শূন্যত আউট...
Published on
Updated on

ডিজিটেল ডেস্কঃ গৃহ ভূমিত চূড়ান্ত লজ্জাজনক প্ৰদৰ্শন ভাৰতীয় টেষ্ট দলটোৰ। মাত্ৰ ৪৬ ৰাণতে অল আউট হ'ল ভাৰতীয় দল। ফলত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো এক অনাকাংক্ষিত ৰেকৰ্ডৰ সন্মুখীন হৈছে।

ঘৰৰ মাটিত ভাৰতীয় ক্ৰিকেট দলৰ এয়াই হৈছে আটাইতকৈ সৰ্বনিম্ন স্ক'ৰ। আনহাতে সামগ্ৰিকভাৱে ভাৰতৰ সৰ্বকালৰ সৰ্বনিম্ন স্ক'ৰসমূহৰ ভিতৰত এই স্ক'ৰ থাকিব তৃতীয় স্থানত।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে ৩৬ ৰাণতে ইনিংছ সামৰিছিল। তাৰ পূৰ্বে ১৯৭৪ চনত ভাৰতীয় দল ইংলেণ্ডৰ বিৰুদ্ধে লডৰ্ছত ৪২ ৰাণত অল আউট হৈছিল।

আজিৰ এই ইনিংছৰ পূৰ্বে ভাৰতৰ ঘৰৰ মাটিত সৰ্ব নিম্ন স্ক'ৰ আছিল ৭৫ ৰাণ। ১৯৮৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে দিল্লীত ৭৫ ৰাণত অল আউট হৈছিল। আজি ভাৰতীয় দলটোৱে মাত্ৰ ৪৬ ৰাণতে ইনিংছ সামৰি এই সকলো ৰেকৰ্ড ভংগ কৰিছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ প্ৰথন ইনিংছত ভাৰতৰ এনে প্ৰদৰ্শন স্বাভাৱিকতে বিশ্বজুৰি চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, প্ৰথম ইনিংছত টছত জয় লাভ কৰি ভাৰতীয় দলটোৰ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বেটিং কৰিবলৈ আহি যশস্বী জয়ছোৱালে ১৩, ৰোহিত শৰ্মাই ২ ৰাণ কৰাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা বিৰাট কোহলি আৰু ছৰফৰাজ খান শূন্যত আউট হয়। পঞ্চম স্থানত বেটিং কৰিবলৈ আহি ঋষভ পণ্টে ২০ কৰে যদিও ষষ্ঠ, সপ্তম আৰু অষ্টম স্থানত বেটিং কৰিবলৈ আহি কে এল ৰাহুল, ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন শূন্যত আউট হয়।

কুলদ্বীপ যাদৱে ২, যশপ্ৰীত বুমৰাহে ১ আৰু মহম্মদ ছিৰাজে ৪ ৰাণ কৰে। বাতৰি লিখাৰ সময়লৈকে নিউজিলেণ্ডে এক উইকেট হেৰুৱাই ১২০ ৰাণ কৰিছে।

ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক প্ৰদৰ্শনঃ ৫ জনেই শূন্যত আউট...
দুৰ্গা পূজাৰ উপহাৰ দিলে সঞ্জু আৰু ভাৰতীয় ক্ৰিকেট দলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in