বতৰৰ বিধি-পথালি : ৫ উইকেটত জয়ী দঃআফ্ৰিকা,ৰিংকুৰ বিস্ফোৰক অৰ্ধশতক

বতৰৰ বিধি-পথালি : ৫ উইকেটত জয়ী দঃআফ্ৰিকা,ৰিংকুৰ বিস্ফোৰক অৰ্ধশতক

author-image
Asomiya Pratidin
New Update
বতৰৰ বিধি-পথালি : ৫ উইকেটত জয়ী দঃআফ্ৰিকা,ৰিংকুৰ বিস্ফোৰক অৰ্ধশতক

ডিজিটেল ডেস্ক : ঘৰৰ মাটিত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা হস্তগত কৰি উৰা মাৰিছিল দক্ষিণ আফ্ৰিকালৈ বুলি। দঃ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰিকেটৰ তিনিওটা সংস্কৰণে খেলিব ভাৰতে।

যাৰ বাবে প্ৰতিটো সংস্কৰণতে নিয়োগ কৰা হৈছে ৩গৰাকী অধিনায়ক। টেষ্ট দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই। আনহাতে এদিনীয়া আৰু টি-২০ দলক নেতৃত্ব দিব ক্ৰমে কে এল ৰাহুল আৰু সূৰ্য্য কুমাৰ যাদৱে।

প্ৰথমেই অনুষ্ঠিত হৈছে টি-২০ শৃংখলা। মঙলবাৰে অনুষ্ঠিত দ্বিতীয়খন মেচত ভাৰতে ৭টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৮০। এই ৰানৰ মূলতে অধিনায়ক সূৰ্য্য কুমাৰ যাদৱ আৰু প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিংকু সিঙৰ দুৰ্দান্ত অৰ্ধশতক। সূৰ্য্য কুমাৰে দললৈ আবগঢ়াই ৫৬ আৰু ৰিংকুই ৬৮ ৰান।

অৱশ্যে বতৰে বিধি-পথালি দিয়া বাবে ভাৰতে ৰানৰ পাহাৰ গঢ়িয়ো পৰাজয়বৰণ কৰিব লগা হয়। ডাৰ্ক-ৱৰ্থ লুইছ পদ্ধতিত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাই ৫ উইকেটত জয়ী হয়। ১৫ অ'ভাৰলৈ হ্ৰাস কৰা মেচখনত ঘৰুৱা দলটোৱে ৫ উইকেটৰ বিনিময়ত ১৫৪ ৰান সংগ্ৰহ কৰি বিজয় লক্ষ্যত উপনীত হয়।

এই জয়েৰে শৃংখলাত দক্ষিণ আফ্ৰিকাই ১-০ৰ অগ্ৰগতি লাভ কৰে। উল্লেখ্য যে বৰষুণৰ বাবেই প্ৰথমখন মেচ পৰিত্যক্ত ঘোষণা কৰা হৈছিল। তিনিখনীয়া শৃংখলাৰ বাকী থকা মেচখনত যদি ভাৰত জয়ী হয় তেন্তে ১-১ৰ সমতা স্থাপন কৰিব অন্যথা ঘৰুৱা দল জয়ী হ'লে হেৰুৱাব লাগিব শৃংখলা।

Also Read: লাচিত দ্যা ৱাৰিয়ৰ লৈ অযোধ্য চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা

cricket surya kumar yadav Rinku Singh