ডিজিটেল ডেস্ক : ভাৰত হাৰিল। প্ৰশিক্ষক হিচাপে গুৰু গৌতম গম্ভীৰৰ এয়া প্ৰথম পৰাজয়।
শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া মেচত সহজে আত্মসমৰ্পণ কৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই। দেওবাৰে অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত শ্ৰী লংকাই বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ আলহী দল ভাৰতে ৩২ ৰানৰ ব্যৱধানত পৰাজয়বৰণ কৰে।
ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই সৰ্বাধিক ৬৪ ৰান কৰাৰ বিপৰীতে অক্ষৰ পেটেল ৪৪ আৰু শুভমন গীলে ৩৫ ৰান কৰে। আনহাতে নিৰ্ভৰযোগ্য বেটাৰ বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুল সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পোনতে ঘৰুৱা দল শ্ৰীলংকাই ভাৰতক ২৪১ ৰানৰ লক্ষ্য বান্ধি দিছিল। প্ৰত্যুত্তৰত ভাৰতে ২০৮ ৰানতে আটাইকেটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে।
Also Read: বিএছএফ আৰু আৰক্ষীৰ অভিযানত কাটিগড়াত নিচাযুক্ত টেবলেট জব্দ, এজনক আটক