ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বলিং আক্ৰমণত দিশহাৰা ভাৰতীয় বেটছমেন

ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বলিং আক্ৰমণত দিশহাৰা ভাৰতীয় বেটছমেন
Published on
Updated on

ডিজিটেল ডেস্ক : মাত্ৰ ১৮১ ৰানতে সকলো উইকেটৰ পতন ভাৰতীয় ক্ৰিকেট দলৰ। শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত আলহী দল ভাৰতক পৰাস্ত কৰি সমতা স্থাপন ঘৰুৱা দল ৱেষ্ট ইণ্ডিজৰ।

আগন্তুক এদিনীয়া বিশ্বকাপৰ প্ৰতি লক্ষ্য কৰি সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলটো ব্যস্ত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত। সম্পূৰ্ণ শৃংখলা খেলাৰ উদ্দেশ্য় কিছুদিন পূৰ্বেই ৰোহিত শৰ্মা নেতৃত্বাধীন দলটো দ্বীপ ৰাষ্ট্ৰখনত উপস্থিত হৈ টেষ্ট শৃংখলা দখল কৰিছে।

ভ্ৰমণসূচী অনুসৰি টেষ্টৰ পিচতে আৰম্ভ হৈছে এদিনীয়া শৃংখলা। প্ৰথমখন এদিনীয়াত আলহী দলটোৱে জয়লাভ কৰিলেও দ্বিতীয়খন মেচত পৰাস্ত হৈ ১-১ৰ সমতা স্থাপন কৰে। এই মেচৰ ফলাফল অনুসৰি ৩খনীয়া শৃংখলাৰ পৰৱৰ্তী মেচত যিটো দল বিজয়ী হ'ব শৃংখলা সেই দলটোৱে দখল কৰিব।

দ্বিতীয়খন এদিনীয়া মেচত ঘৰুৱা দলটোৰ বলাৰসকলৰ সন্মুখত দিশহাৰা ভাৰতীয় বেটছমেন। ঈষাণ কিষাণৰ বাহিৰে বাকীসকল বেটাৰ দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হয়। ঈষাণ কিষাণে দললৈ ৫৫ ৰানৰ বৰঙণি যোগায়।

আনহাতে ৩৬.৪ অ'ভাৰত ৪ উইকেটৰ বিনিময়ত ঘৰুৱা দলটোৱে বিজয় লক্ষ্যত উপনীত হয়। উল্লেখ্য যে এই মেচখনত নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত হাৰ্ডিক পাণ্ডিয়াই দলক নেতৃত্ব প্ৰদান কৰিছিল। ইফালে বিৰাট কোহলিয়ো এই মেচখনত বিশ্ৰাম লৈছিল।

ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বলিং আক্ৰমণত দিশহাৰা ভাৰতীয় বেটছমেন
আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in