আশা-নিৰাশাৰ দোমোজাত বন্দী ৰিয়ান : শৃংখলা দখলৰ যুঁজত আজি জিম্বাব’ৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়া

আশা-নিৰাশাৰ দোমোজাত বন্দী ৰিয়ান : শৃংখলা দখলৰ যুঁজত আজি জিম্বাব’ৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়া
Published on
Updated on

ডিজিটেল ডেস্ক : অভিষেক মেচত ব্যৰ্থ, দ্বিতীয়খন মেচত নাপালে বেট ধৰাৰ সুযোগ আৰু তৃতীয়খন মেচত ৰিজাৰ্ভ বেঞ্চত বহি থাকিল ৰিয়ান পৰাগ। চলিত ভাৰত-জিম্বাব’ৱে টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলি আন্তৰ্জাতিক কেৰিয়াৰৰ শুভৰাম্ভ কৰিছিল ৰিয়ানে।

অৱশ্যে অভিষেক মেচ সুখকৰ হোৱা নাছিল ৰিয়ানৰ। দ্বিতীয়খন মেচ খেলে যদিও বেট ধৰাৰ সুযোগ নাপালে। তৃতীয়খন মেচত সঞ্জু ছেমছন, শিৱম ডুবে আৰু জয়ছোৱালৰ অন্তৰ্ভুক্তিৰ বাবে স্থান এৰি দিব লগা হ’ল ৰিয়ান পৰাগ। এককথাত নিজৰ প্ৰতিভা দেখুৱাবলৈ লাভ কৰিলে এখন মেচতহে সুযোগ।

আজি উক্ত শৃংখলাৰ চতুৰ্থখন মেচ। আজিৰ মেচখনত ৰিয়ান পৰাগে সুযোগ পাব নে নাপায় তাকলৈ এতিয়া ক্ৰিকেট মহলত চৰ্চা চলিছে।

আশা-নিৰাশা দোমোজাত বন্দী হৈছে ৰিয়ান পৰাগ। এখন মেচৰ ব্যৰ্থতাই প্ৰতিভাৱান বেটাৰ ৰিয়ানৰ কেৰিয়াৰত প্ৰভাৱ পেলাব নেকি তাকলৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ৰিয়ানে সুযোগ পাওক বুলি ক’লেই সুযোগ দিব নোৱাৰে দলীয় মেনেজমেণ্টে। কাৰ স্থানত ৰিয়ানক খেলাব সেয়াও এক জটিল সমীকৰণ। ৰিয়ানে খেলে ৪ অথবা ৫ নম্বৰ স্থানত।

প্ৰথম দুটা স্থানত যদি গীল আৰু জয়ছোৱালে খেলে তেন্তে অভিষেক শৰ্মা ৩ নং স্থানত বেটিং কৰিব পাৰে। ৪ নম্বৰৰ বাবে আছে সঞ্জু ছেমছন নাইবা ঋতুৰাজ গাইকোৱাড়।

অৱশ্যে দুয়োৰে স্থানৰ সাল সলনি হ’লেও আচৰিত হ’ব লগা নাই।  ৫ নম্বৰত শিৱম ডুবে নাইবা ৰিংকু। দুয়োৰে স্থান যদি ওলোটাও হয় তেনেহ’লেও ৰিয়ানৰ বাবে নাই ঠাই।

অৱশ্যে অভিষেক শৰ্মা আৰু গাইকোৱাড়াৰ স্থান সলনি কৰি ৪ নম্বৰত ৰিয়ানক খেলাব পাৰে। কিয়নো তৃতীয়খন মেচত ব্যৰ্থ হৈছিল অভিষেক শৰ্মা। সেই দিশৰ পৰা লক্ষ্য কৰি অভিষেকৰ স্থানত ৰিয়ান পৰাগ অন্তৰ্ভুক্ত হ’লেও আচৰিত হ’ব লগা নাই।

ইফালে এই জটিল সমীকৰণৰ মাজতো আজিৰ মেচখন উভয় পক্ষৰ বাবে গুৰুত্বপূৰ্ণ। ঘৰুৱা দল জিম্বাব’ৱে আজিৰ মেচত জয়ী হৈ সমতা স্থাপন কৰিব বিচাৰে।

বিপৰীতে টীম ইণ্ডিয়াৰ হাতত শৃংখলা দখলৰ সুযোগ। এই সুযোগ এৰি নিদিয়ে যুৱশক্তিৰে গঠিত টীম ইণ্ডিয়াই। এখন মেচত জয়ী হ’লে শৃংখলা ভাৰতৰ দখলত। অথবা জিম্বাব’ৱে জয়ী হ’লে হ’ব সমতা স্থাপন।

আশা-নিৰাশাৰ দোমোজাত বন্দী ৰিয়ান : শৃংখলা দখলৰ যুঁজত আজি জিম্বাব’ৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়া
ভাৰতীয় ক্ৰিকেট দললৈ উভতি আহিব জাহিৰ খান !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in