ডিজিটেল ডেস্ক : বাংলাদেশত অনুষ্ঠিত হৈছে ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক আন্তৰ্জাতিক টী-২০ শৃংখলা। এই তিনিখনীয়া আন্তৰ্জাতিক টী-২০ শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলে অগ্ৰগতি লাভ কৰিছে।
দেওবাৰে শ্বেৰ-ই-বাংলা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন মেচত ঘৰুৱা দল বাংলাদেশক ভাৰতে সহজে পৰাস্ত কৰে। টছত জয়ী হৈ আলহী দল ভাৰতে ফিল্ডিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ঘৰুৱা দলটোৱে ইনিংছ মুকলি কৰি ভাৰতক নিৰ্ধাৰিত অ'ভাৰত বিজয়ৰ বাবে ১১৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে অধিনায়িকা হৰমনপ্ৰীত কৌৰৰ বিস্ফোৰক ৫৪ ৰানৰ সহায়ত ১১৮ ৰান কৰি ৭ উইকেটত বিজয়ী হয়।
Also Read: দোষী এছ আই,কনিষ্টবলক বৰ্খাস্ত কৰক : অপৰাধী আই পি এছ,এ পি এছকো ডি জি পিয়ে ধৰক