হাংজৌত সৃষ্টি নতুন অভিলেখ...

হাংজৌত সৃষ্টি নতুন অভিলেখ...

Published on

ডিজিটেল ডেস্কঃ চীনৰ হাংজৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছ ২০২২ত ভাৰতৰ খেলুৱৈয়ে ইতিমধ্যেই ৰচনা কৰিছে কেইবাটাও ইতিহাস। খেলৰ চতুৰ্দশ দিনাই পুৱাই ভাৰতে এছিয়ান গেমছত প্ৰথমবাৰলৈ ১০০টাকৈ পদক লাভ কৰি সৃষ্টি কৰিছিল নতুন অভিলেখ। উল্লেখ্য যম, ইয়াৰ পূৰ্বে এছিয়ান গেমছত সৰ্বোচ্চ ৭০ টা পদক লাভ কৰাৰ নজিৰ আছিল ভাৰতৰ।

শনিবাৰে এছিয়ান গেমছৰ পুৰুষৰ বেদমিণ্টন ডাবলছত ভাৰতে প্ৰথমবাৰৰ বাবে লাভ কৰিলে স্বৰ্ণপদক। ভাৰতীয় খেলুৱৈ স্বাত্ৱিক ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে জয় কৰে এই পদক। দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দী কিম য়নহ' আৰু শ্ব'য় চেলগুক পৰাজিত কৰি ভাৰতৰ স্বাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীয়ে ভাৰতৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰে এই নতুন অভিলেখৰ।

সম্প্ৰতি ২৬টা সোণৰ পদক, ৩৫টা ৰূপৰ পদক আৰু ৪০ টা ব্ৰঞ্জৰ পদক লাভ কৰি সৰ্বমুঠ ১০১টা পদকেৰে ভাৰতে মেডেল তালিকাৰ চতুৰ্থ স্থানত আছে। পৰৱৰ্তী সময়ত ভাৰতে সময়ত পুৰুষৰ ক্ৰিকেট, কাবাদীকে আদি কৰি আৰু বহুকেইটা পদক লাভ কৰাৰ সম্ভাৱনা আছে।

হাংজৌত সৃষ্টি নতুন অভিলেখ...
সুদীৰ্ঘ ৫মাহৰ পিছত মণিপুৰী শৰণাৰ্থীৰ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in