ডিজিটেল ডেস্কঃ বি চি চি আইয়ে ঘোষণা কৰিলে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো। ভাৰতীয় নিৰ্বাচকে দলটোত মুঠ ১৫ জন খেলুৱৈক নিৰ্বাচিত কৰিছে। ৰোহিত শৰ্মাক অধিনায়ক আৰু কে এল ৰাহুলক উপ-অধিনায়ক হিচাপে লৈ গঠন কৰা দলটোত পেচ বলাৰ মহম্মদ ছামিক ষ্টেণ্ড বাই খেলুৱৈ হিচাপে ৰখা হৈছে।
উল্লেখ্য যে অহা অক্টোবৰ-নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব টি-২০ প্ৰতিযোগিতাখন। প্ৰতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলটোলৈ য়ৰ্কাৰ কিয় যশপ্ৰীত বুমাৰহ উভতি অহা বিষয়টোৱে বহুতকে আনন্দিত কৰিছে। বুমৰাহৰ অনুপস্থিতিয়ে ভাৰতীয় দলটোক এছিয়া কাপত দুৰ্বল কৰি তোলা বুলি বহুতেই ধাৰণা কৰিছিল। এতিয়া বুমৰাহৰ উপস্থিতিয়ে বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোক শক্তিশালী কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।
ইফালে উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টক দলত স্থান দিয়া, নিদিয়া বিষয়টোৱেও চৰ্চা লাভ কৰিছিল। শেহতীয়া প্ৰদৰ্শন উন্নত নোহোৱাৰ বাবে ঋষভে দলত স্থান হেৰুৱাব বুলি বহুতেই ধাৰণা কৰিছিল। অৱশ্যে নিৰ্বাচকে ঋষভৰ ওপৰত বিশ্বাস ৰাখিছে। তেওঁক দলটোত সুৰক্ষিত কৰি ৰাখিছে।
ঋষভ পণ্টৰ লগতে দীনেশ কাৰ্তিককো দলত স্থান দিয়া হৈছে।মহম্মদ ছামিক মূল দলৱটোত স্থান দিয়াৰ পৰিৱৰ্তে তেওঁক ষ্টেণ্ডবাই খেলুৱৈ হিচাপেহে স্থান দিয়া হৈছে। উল্লেখ্য যে টীম ইণ্ডিয়াই ২০১৩ চনতেই অন্তিমটো আই চি চি খিতাপ জয় কৰিছিল। ধোনিৰ অধিনায়কত্বত ভাৰতে সেইবাৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছিল।
ঘোষিত ভাৰতীয় দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত, দীনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, আৰ অশ্বিন, যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদীপ সিং।
ষ্টেণ্ডবাই খেলুৱৈঃ মহম্মদ ছামি, শ্ৰেয়াছ আয়াৰ, ৰবি বিষ্ণয়, দীপক চাহাৰ।