চেন্নাইত অশ্বিন-জাডেজাৰ সন্মুখত দিক-বিদিক হেৰুৱাইছে বাংলাদেশে...

দলীয় বিপৰ্যয়ৰ মাজতো দিনান্তত অশ্বিনৰ শতক জাডেজাৰ ৮৬ ৰাণ
চেন্নাইত অশ্বিন-জাডেজাৰ সন্মুখত দিক-বিদিক হেৰুৱাইছে বাংলাদেশে...
চেন্নাইত অশ্বিন-জাডেজাৰ সন্মুখত দিক-বিদিক হেৰুৱাইছে বাংলাদেশে...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে আজিৰে পৰা চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ানত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত প্ৰাৰম্ভিক বেটিং বিপৰ্যয়কো নেওচি ভাৰতে দমনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। মেচখনত ভাৰতৰ শীৰ্ষ ক্ৰমৰ প্ৰায় কেইজন বেটছমেনেই ব্যৰ্থ হোৱা স্বত্বেও ৰবীন্দ্ৰ জাডেজা আৰু ৰবীচন্দ্ৰন অশ্বিনে দায়িত্বসহকাৰে ইনিংছ চম্ভালে।

বেটিং ক্ৰমৰ অষ্টম স্থানত বেট ধৰিবলৈ আহি অভিজ্ঞ ক্ৰিকেটাৰ অশ্বিনে ১১২ বলত ১০২ ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাই ১১৭ বলত ৮৬ ৰাণ কৰি অপাজিত হৈ আছে। অশ্বিনৰ এই শতকীয় ইনিংছত আছিল ১০ টা বাউণ্ডেৰী আৰু ২ টা অভাৰ বাউণ্ডেৰী। আনহাতে ৰবীন্দ্ৰ জাডেজাৰো এই অৰ্ধশতকীয় ইনিংছত আছে অশ্বিনৰ দৰেই ১০ টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰী।

টেষ্টখনৰ আৰম্ভণিতে টছত জয় লাভ কৰি বাংলাদেশে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। যশস্বী জয়ছোৱালৰ সৈতে অপেনিং কৰিবলৈ আহি দলীয় স্ক'ৰ ১৪ তে ৰোহিত শৰ্মা আউট হয়। ৰোহিতৰ বেটৰ পৰা আহে মাত্ৰ ৬ ৰাণ।ৃ

ইয়াৰ পিছত তৃতীয় স্থানত বেটিং কৰিবলৈ অহা শুভমণ গীলৰ উইকেটো দলীয় স্ক'ৰ ২৮ হওঁতেই হেৰুৱাই। শুভমণৰ বেটৰ নাহিল এটাও ৰাণ। দীৰ্ঘদিনৰ মূৰত টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহা বিৰাট কোহলিও ব্যৰ্থ হয়।

দলীয় স্ক'ৰ ৩৪ হওঁতেই বিৰাট কোহলিয়ে ৬ ৰাণতে উইকেট হেৰুৱাই পেভিলিয়নলৈ ঘূৰি যাবলগীয়া হয়। ঋষভ পণ্টৰ বেটৰ পৰা আহে ৩৯ ৰাণ আৰু কে এল ৰাহুলৰ বেটৰ পৰা আহে ১৬ ৰাণ।

এইদৰে মাত্ৰ ১৪৪ ৰাণতে ভাৰতে ৬ টাকৈ উইকেট হেৰুওৱাই বিপদত পৰিছিল যদিও ৰবীন্দ্ৰ জাডেজা আৰু অশ্বিনে সুন্দৰকৈ ইনিংছ চম্ভালি লয়। দিনান্তত ভাৰতৰ স্ক'ৰ হয়গৈ ৬ উইকেটত ৩৩৯।

ভাৰতৰ হাতত এতিয়াও আছে তিনিটাকৈ উইকেট। বাংলাদেশৰ হৈ হাছান মাহমুদে ৫৮ ৰাণত ৪ টা উইকেট, নাহিদ ৰাণাই ৮০ ৰাণত এটা আৰু মেহদি হাছান মিৰাজে ৭৭ ৰাণত এটা উইকেট লাভ কৰে।

চেন্নাইত অশ্বিন-জাডেজাৰ সন্মুখত দিক-বিদিক হেৰুৱাইছে বাংলাদেশে...
হাৰ্হি জিলা পৰিষদৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী সভাঃ নিৰ্বাচন বর্জনৰ হুংকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in