ডিজিটেল ডেস্ক : টি-২০ শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে কিছুদিন পূৰ্বৰে পৰা দক্ষিণ আফ্ৰিকাত বাহৰ পাতি আছে ভাৰতীয় ক্ৰিকেট দল। যাতে দক্ষিণ আফ্ৰিকাৰ জলবায়ুৰ সৈতে যুৱ খেলুৱৈসকলে সহবাস কৰিব পাৰে। পৰিৱেশৰ গতি- বিধি বুজি উঠিব পাৰে, সেয়ে কিছুদিন আগৰে পৰা দক্ষিণ আফ্ৰিকাত আছে আলহী দলটোৰ খেলুৱৈসকল।
সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত গঠিত যুৱ শক্তিয়ে ডাৰবানত আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত ভাগ ল’ব। চাৰিখনীয়া টি-২০ শৃংখলাত ভাগ ল’ব লগা ভাৰতীয় দলৰ অধিকাংশ খেলুৱৈয়ে অনভিজ্ঞ। সূৰ্যকুমাৰ যাদৱ, অৰ্শদীপ, হাৰ্ডিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলহে দক্ষিণ আফ্ৰিকাৰ পৰিৱেশৰে অভিজ্ঞ।
সেয়েহে দক্ষিণ আফ্ৰিকাৰ গতিময় উইকেটত অধিক স্ক’ৰ থিয় কৰাই হ’ব ভাৰতীয় বেটাৰৰ বাবে প্ৰত্যাহ্বানস্বৰূপ। ইফালে ঘৰুৱা দলটোত নাই ৰাবাডা, নৰ্কিয়া আৰু কুইনণ্টন ডি ক’ক। অৱশ্যে মাৰ্কাৰাম, ক্লাছেন, ভান ডুছেন আৰু মিলাৰ হ’ব ভাৰতীয় খেলুৱৈৰ বাবে চিন্তাৰ কাৰণ। ভাৰতীয় সময় অনুসৰি মেচৰ সময় হৈছে সন্ধিয়া ৮-৩০ বজাৰ পৰা।
Also Read: ঘিলামৰাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন