ডিজিটেল ডেস্কঃ ২৩ ছেপ্তেম্বৰৰ পৰা চীনত অনুষ্ঠিত হোৱা 'এছিয়ান গেমছ-২০২৩'ত এক দৰ্শনীয় আৰম্ভণী কৰিছে ভাৰতৰ খেলুৱৈসকলে। প্ৰথম দিনৰ খেলত এই পৰ্যন্ত মুঠ ৫ টাকৈ পদক লাভ কৰিছে ভাৰতীয় খেলুৱৈসকলে।
ৰয়িং খেলত ৩টা আৰু এয়াৰ ৰাইফেল খেলত ২টা পদক লাভ কৰিছে ভাৰতে। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফেলত ভাৰতীয় দলটোৱে লাভ কৰা ৰূপৰ পদকটোৱে 'এছিয়ান গেমছ-২০২৩'ত ভাৰতৰ বাবে প্ৰথম পদক। ৰমিতা, আশী চৌকশেই আৰু মেহুলী ঘোষৰ মহিলা ৰয়িংৰ দলটোৱে ভাৰতৰ বাবে আনিছে এই পদক।
ইয়াৰ পিছত ৰয়িং খেলৰ 'মেনছ লাইটৱেইট ডবলছ'ত ভাৰতৰ অৰ্জুন লাল জেট আৰু অৰবিন্দ সিঙে ৰূপৰ পদক লাভ কৰি ভাৰতৰ বাবে দ্বিতীয়টো পদক জয় কৰে। ৰয়িং খেলৰে 'মেনছ পেয়াৰ'ত ভাৰতৰ বুবুলাল যাদৱ আৰু অৰবিন্দ সিঙে ব্ৰঞ্জৰ আৰু মেনছ এইটত ভাৰতীয় দলটোৱে ৰূপৰ পদক লাভ কৰে।
মহিলাৰ একক ১০মিটাৰ এয়াৰ ৰাফেলত ভাৰতৰ ৰমিতাই ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ বাবে পঞ্চমটো পদক জয় কৰে। বৰ্তমানলৈ মুঠ ৫টা পদক জয় কৰি ভাৰত 'এছিয়ান গেমছ-২০২৩'ৰ পদক তালিকাত তৃতীয় স্থানত আছে। আনহাতে ৯টা সোণৰ পদক বিজয়েৰে আয়োজক দেশ চীন প্ৰথম স্থানত আৰু ১টা সোণৰ পদক বিজয়েৰে হংক দ্বিতীয় স্থানত আছে।
Also Read: পদক জয়েৰে 'এছিয়ান গেমছ-২০২৩'ৰ আৰম্ভণী ভাৰতৰ