সৰ্ববৃহৎ জয়! ২৩ বছৰীয়া আঘাতৰ প্ৰতিশোধ ল'লে ভাৰতীয় ক্ৰিকেট দলে...

সৰ্ববৃহৎ জয়! ২৩ বছৰীয়া আঘাতৰ প্ৰতিশোধ ল'লে ভাৰতীয় ক্ৰিকেট দলে...

author-image
Asomiya Pratidin
New Update
সৰ্ববৃহৎ জয়! ২৩ বছৰীয়া আঘাতৰ প্ৰতিশোধ ল'লে ভাৰতীয় ক্ৰিকেট দলে...

ডিজিটেল ডেস্কঃ এচিয়া কাপ ২০২৩'ত বিজয়ৰ পাছতে ভাৰত হৈ পৰিল সকলোতকৈ বেছি এচিয়া কাপ জয় কৰা দেশ। শ্ৰী লংকাক গৃহদেশতে শোচনীয়ভাৱে হৰুৱাই অষ্টম বাৰলৈ ভাৰতে তুলি ল'লে এচিয়া কাপৰ ট্ৰফী। ভাৰতীয় বলাৰ মহম্মদ ছিৰাজৰ পৰাক্ৰমী প্ৰদৰ্শনৰ সন্মুখত ১৫.২ অভাৰতে বিধস্ত হৈ গ'ল ডিফেন্দিং চেম্পিয়ন শ্ৰী লংকা।

দেওবাৰে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত এই অপৰিকল্পিত খেলখনে বিশ্বৰ ক্ৰিকেট জগতত সৃষ্টি কৰিলে কেবাটাও নতুন অভিলেখ। ইয়াৰ লগতে এটি ২৩ বছৰীয়া আঘাতত দৰৱ খনাৰ কামো কৰিলে এই খেলখনে।

কলম্বোত অনুষ্ঠিত এছিয়া কাপ ২০২৩ৰ ফাইনেলত শ্ৰীলংকাক ৫০ ৰাণত অল আউট কৰিলে ভাৰতীয় দলটোৱে। বিশ্বৰ ক্ৰিকেটৰ ইতিহাসত এদিনীয়া প্ৰতিযোগিতাৰ ফাইনেলত এতিয়ালৈ এইটোৱেই সৰ্বনিম্ন মুঠ।

উল্লেখ্য যে, ২৩ বছৰ ধৰি ৰখা পাহৰিব নোৱাৰা এক অভিলেখ ভংগ কৰিলে ভাৰতে । ২০০০ চনত শ্বাৰজাহত শ্ৰীলংকাই চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতক ৫৪ ৰাণত অল আউট কৰাইছিল। আজি সেই ২৩ বছৰীয়া চৰম আঘাতৰেই যেন প্ৰতিশোধ ল'লে ভাৰতীয় দলটোৱে।

৫০ ৰাণত শ্ৰীলংকাক অল আউট কৰি ভাৰতে গঢ়িলে অন্য এক অভিলেখ। উল্লেখযোগ্য যে, দেওবাৰলৈকে ২০১৪ চনত মিৰপুৰত বাংলাদেশে কৰা ৫৮ ৰাণ আছিল ভাৰতৰ বিৰুদ্ধে সৰ্বনিম্ন মুঠ। আজি শ্ৰীলংকাই ১৫.২ অভাৰত ১০ উইকেট হেৰুৱাই কৰা ৫০ ৰাণ হৈ পৰিল ভাৰতৰ বিৰুদ্ধে যিকোনো দলৰ এদিনীয়াত সৰ্বনিম্ন মুঠ।

মাত্ৰ ৬.১ অভাৰতে জয়ৰ বাবে নিৰ্দ্ধাৰিত ৫১ ৰাণ কৰি এচিয়া কাপ ২০২৩ৰ খিতাপ নিজৰ নাম কৰা ভাৰতে ৰচিলে অন্য এক ইতিহাস। ভাৰতে ৩০০ বলৰ ২৬৩টা বল বাকী থকা অৱস্থাতে জয়লাভ কৰাত এই বিজয় হৈ পৰিল ভাৰতৰ বাবে সৰ্ববৃহৎ এদিনীয়া জয়। ভাৰতৰ পূৰ্বৰ অভিলেখ আছিল ২০০১ চনত কেনিয়াৰ বিৰুদ্ধে ২৩১টা বল বাকী থকা অৱস্থাত কৰা জয়লাভ।

মাত্ৰ ৩৭ টা বলত জয়ৰ লক্ষ্য প্ৰাপ্তি কৰি ভাৰতে দেওবাৰৰ খেলখনত সৃষ্টি কৰা অন্য এক অভিলেখ হ'ল সৰ্বাধিক বল(২৬৩ বল) বাকী ৰাখি এদিনীয়া প্ৰতিযোগিতাৰ ফাইনেলত লাভ কৰা জয়। দেওবাৰৰ পূৰ্বে এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ হাতত। অষ্ট্ৰেলিয়াই ২০০৩ চনত ইংলেণ্ডক ২২৬ বল বাকী থকা অৱস্থাত পৰাস্ত কৰিছিল।

আজি খেলখনত ভাৰতৰ বাবে বজ্ৰাস্ত হৈ বৰষিল মহম্মদ ছিৰাজ। শ্ৰীলংকাৰ বিৰুদ্ধে ৬টা উইকেট লৈ ছিৰাজ হৈ পৰিল এদিনীয়াত ৬টা উইকেট দখল কৰা চতুৰ্থজন ভাৰতীয় বলাৰ। ছিৰাজে খেলখনত মাত্ৰ ২১ ৰাণ দি ৬ টা উইকেট দখল কৰে। এছিয়া কাপৰ ইতিহাসৰ এইটোৱো দ্বিতীয় শ্ৰেষ্ঠ সংখ্যা।

ইয়াৰ উপৰিও তেওঁ ১৬টা বলত ৫টা উইকেট দখল কৰে। বিশ্ব ক্ৰিকেটৰ ইতিহাসত এইটোৱো এদিনীয়া খেলত লাভ কৰা দ্ৰুততম ৫টা উইকেট। ইয়াৰ লগতে চতুৰ্থ অভাৰত ৪ টা উইকেট লাভ কৰি তেওঁ হৈ পৰে এদিনীয়াত এটা অভাৰত সৰ্বাধিক উইকেট লাভ কৰা চতুৰ্থজন খেলুৱৈ।

Also Read: অষ্টমবাৰৰ বাবে ভাৰতৰ হাতলৈ 'এছিয়া কাপ'ৰ ট্ৰফী

bcci icc 2023 Asia Cup