ভাৰত-জিম্বাব'ৱে শৃংখলা : নিতীশৰ স্থানত অলৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভূক্তি

ভাৰত-জিম্বাব'ৱে শৃংখলা : নিতীশৰ স্থানত অলৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভূক্তি

author-image
Asomiya Pratidin
New Update
ভাৰত-জিম্বাব'ৱে শৃংখলা : নিতীশৰ স্থানত অলৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভূক্তি

ডিজিটেল ডেস্ক : অহা জুলাই মাহত জিম্বাব'ৱে ভ্ৰমণলৈ যাব ভাৰতীয় ক্ৰিকেট দল। ৬জুলাইৰ পৰা ৫খনীয়া দ্বিপাক্ষিক শৃংখলাত ভাগ ল'ব উভয় দেশ।

ইতিমধ্যে এই শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ অজিত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচক মণ্ডলীয়ে জিম্বাব'ৱে অভিমুখী ভাৰতীয় দলটো ঘোষণা কৰিছে। অধিকাংশ জ্যেষ্ঠ খেলুৱৈক বিশ্ৰাম দি তৰুণ ক্ৰিকেটাৰেৰে গঠন কৰা হৈছে দল।

কাৰ্যতঃ দ্বিতীয় শাৰীৰ দলে জিম্বাব'ৱেৰ বিপক্ষে অৱতীৰ্ণ হ'ব। বি চি চি আয়ে ২৫জুনত ঘোষণা কৰা এই দলটোত স্থান লাভ কৰিছিল নীতিশ কুমাৰ ৰেড্ডীয়ে। কিন্তু এতিয়া তেঁও আঘাতৰ বাবে জিম্বাব'ৱে ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব বুলি বি চি চি আয়ে সামাজিক মাধ্যমত উল্লেখ কৰে।

আঘাতৰ বাবে সম্প্ৰতি চিকিৎসাধীন হৈ আছে নিতীশ ৰেড্ডী। সেয়েহে তেঁওৰ স্থানত অলৰাউণ্ডাৰ শিৱম ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। সম্প্ৰতি শিৱম ডুবে বিশ্বকাপৰ বাবে ৱেষ্ট-ইণ্ডিজত আছে।

বিশ্বকাপ অভিযান সামৰিয়েই তেঁও উৰা মাৰিব লাগিব জিম্বাব'ৱে অভিমুখে। ভাৰত আৰু জিম্বাব'ৱেৰ সম্পূৰ্ণ শৃংখলাটো হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

Also Read: লক্ষ্য জিম্বাৱে': ৰিয়ান, অভিষেককে ধৰি একাধিক তৰুণে পালে স্থান, চাওঁক সম্পূৰ্ণ তালিকা...

Shivam Dubey India-Zimbabwe t-20 cricket bcci riyan parag sports