লক্ষ্য জিম্বাৱে': ৰিয়ান, অভিষেককে ধৰি একাধিক তৰুণে পালে স্থান, চাওঁক সম্পূৰ্ণ তালিকা...

বি চি চি আইয়ে আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে তালিকা
লক্ষ্য জিম্বাৱে':  ৰিয়ান, অভিষেকে ধৰি একাধিক তৰুণে পালে স্থান, চাওঁক সম্পূৰ্ণ তালিকা...
লক্ষ্য জিম্বাৱে': ৰিয়ান, অভিষেকে ধৰি একাধিক তৰুণে পালে স্থান, চাওঁক সম্পূৰ্ণ তালিকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আগন্তুক জিম্বাৱে ভ্ৰমণৰ বাবে ঘোষণা হল ভাৰতীয় ক্ৰিকেট দল। অসম সন্তান ৰিয়ান পৰাগে এই দলত স্থান লাভেৰে ইতিহাস গঢ়িবলৈ সক্ষম হৈছে।প্ৰথমগৰাকী অসমীয়া হিচাপে ৰিয়ানে লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলত স্থান।

টি-২০ বিশ্বকাপৰ পাছতে ৫ খন টি-২০ শৃংখলাৰ বাবে জিম্বাৱে ভ্ৰমণ কৰিবলগীয়া এই দলটো তৰুণ খেলুৱৈক লৈ গঠন কৰা হৈছে। দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে শুভমণ গীলক।

ভাৰতীয় দল নিৰ্বাচক কমিটীয়ে ১৫ জনীয়া এই দলটোত স্থান দিছে বৰ্তমান টি-২০ বিশ্বকাপ দলৰ অংশ হিচাপে থকা জশস্বী জয়ছোৱাল, সঞ্জু ছেমছন, ৰিংকু সিঙকো। মন কৰিবলগীয়া যে গ্ৰুপ পৰ্যায়ৰ মেচ অন্ত পৰাৰ পাছত আজি চুপাৰ-৮ ৰো অন্তিমখন মেচত অৱতীৰ্ণ হব ভাৰত। কিন্তু এতিয়ালৈকে এখন মেচতো খেলাৰ সুযোগ লাভ কৰা নাই এই তিনি ক্ৰিকেটাৰে।

ঘোষিত এই দলটোলৈ লক্ষ্য কৰি এই কথা প্ৰায় নিশ্চিত যে, সদ্য সমাপ্ত আই পি এলৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰি ১৫ জনীয়া দলটো গঠন কৰিছে। অভিজ্ঞ আৰু তৰুণ খেলুৱৈৰে গঠিত এই দলটোত অৱশ্যে ভাৰাসাম্য ৰক্ষা কৰা হৈছে।

আনহাতে এই দলটোৰ প্ৰক্ষিক হিচাপে জিম্বাৱেলৈ যাব এন চি এৰ অধ্যক্ষ ভিভিএছ লক্ষ্মণ। অৱশ্যে বিচিচিআইয়ে ১৫ জনীয়া দলটো ঘোষণা কৰি জাৰি কৰা সংবাদ বিবৃতিত এই কথা উল্লেখ কৰা নাই। ৬ জুলাইৰ পৰা ১৪ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এই ৫ খন টি-২০ ৰ শৃংখলাৰ পাছতে আকৌ ভাৰতীয় দলে শ্ৰীলংকা ভ্ৰমণ কৰিব। সেয়ে এই ভ্ৰমণ তৰুণ ক্ৰিকেটাৰসকলৰ বাবে এক সুযোগ হিচাপে বিবেচিত হৈছে।

জ্যেষ্ঠ ক্ৰিকেটাৰৰ অনুপস্থিতিত খেলিবলগীয়া এই শৃখংলাত কেৱল উন্নত প্ৰদৰ্শন কৰিলেই নহ’ব, তৰুণ ক্ৰিকেটাৰসকলে সৰ্বোচ্চ উজাৰি নিজৰ প্ৰতিভাক তুলি ধৰিব পাৰিব লাগিব। তেতিয়াহে পৰৱৰ্তী শ্ৰীলংকা ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত স্থান লাভ কৰিব। যিহেতু শ্ৰীলংকা ভ্ৰমণৰ বাবে ঘোষণা কৰিবলগীয়া ভাৰতীয় দললৈ পুনৰ জ্যেষ্ঠ খেলুৱৈসকল ঘূৰি আহিব সেয়ে এই দলত স্থান লাভৰ বাবে জিম্বাৱে’ ভ্ৰমণ এক সুৱৰ্ণ সুযোগ হিচাপে পৰিগণিত হৈছে।

ঘোষিত ভাৰতীয় দলটোঃ শুভমণ গীল (অধিনায়ক) জশস্বী জয়ছোৱাল, ৰুটুৰাজ গাইকোৱাড, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমছন (উইকেট কীপাৰ), ধ্ৰুৱ জুৰেল (উইকেট কীপাৰ) নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে।

লক্ষ্য জিম্বাৱে':  ৰিয়ান, অভিষেকে ধৰি একাধিক তৰুণে পালে স্থান, চাওঁক সম্পূৰ্ণ তালিকা...
ভাল খবৰ আহিল : টীম ইণ্ডিয়াত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in