বলিউড তাৰকাৰ সমাহাৰঃ আই পি এলৰ বৰ্ণাঢ্য আয়োজন...

বলিউড তাৰকাৰ সমাহাৰঃ আই পি এলৰ বৰ্ণাঢ্য আয়োজন...
বলিউড তাৰকাৰ সমাহাৰঃ আই পি এলৰ বৰ্ণাঢ্য আয়োজন...
Published on
Updated on

ডিজিটেল ডেস্কঃ সাজু হওক সকলো। মাজত মাত্ৰ কেইটামান মুহূৰ্ত। কেৱল ক্ৰিকেটই নহয়, সুৱাদ ল’ব পাৰিব সংগীত, নৃত্য আৰু পোহৰৰ মাদকতা। চাৰি বছৰৰ পাছত আই পি এলত বৰ্ণাঢ্য আয়োজন।

ক্ৰিকেট তাৰকাৰ সমান্তৰালকৈ বলিউডী তাৰকাৰ সমাহাৰ। সাজু আহমেদাবাদ। ২০১৮ ৰ পাছত প্ৰথমবাৰৰ বাবে আই পি এলৰ সংগীত, নৃত্যৰ যুগলবন্দী। উদ্বোধনী অনুষ্ঠানত আছে দক্ষিণৰ লগতে বলিউডৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া, ৰশ্মিকা মান্ধানাৰ নৃত্য অনুষ্ঠান।

সংগীতৰ মায়াজালেৰে ষ্টেডিয়ামৰ বাকৰি মায়াময় কৰি তুলিব অৰিজিত সিঙে। উপস্থিত থাকিব কেটৰিনা কেইফ আৰু টাইগাৰ শ্ৰফ। উদ্বোধনী অনুষ্ঠানত আজিৰ মেচৰ দুই প্ৰতিদ্বন্দি গুজৰাট টাইটানছ আৰু চেন্নাই চুপাৰ কিংছৰ উপৰিও আটাইকেইটা ফ্ৰেঞ্চাইজিৰে অধিনায়কসকল উপস্থিত থাকিব।

সন্ধিয়া ৬  বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ এই উদ্বোধনী অনুষ্ঠানক লৈ এতিয়া দেশজুৰি চলিছে চৰ্চা।  

বলিউড তাৰকাৰ সমাহাৰঃ আই পি এলৰ বৰ্ণাঢ্য আয়োজন...
DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in