অদমনীয় ছানৰাইজাৰ্ছ হায়দৰাবাদ : পাঞ্জাৱ কিংছক পৰাস্ত কৰি প্লে-অফৰ বাবে সাজু

অদমনীয় ছানৰাইজাৰ্ছ হায়দৰাবাদ : পাঞ্জাৱ কিংছক পৰাস্ত কৰি প্লে-অফৰ বাবে সাজু
Published on
Updated on

ডিজিটেল ডেস্ক : অজস্ৰ সাহস গোটাই প্লে-অফলৈ সাজু হৈ উঠিছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। দেওবাৰে বিয়লি অনুষ্ঠিত আই পি এলৰ এখন মেচ প্ৰতিপক্ষ পাঞ্জাৱ কিংছক সহজে পৰাস্ত কৰে পেট কামিন্স নেতৃত্বাধীন ছানৰাইজাৰ্ছ হায়দৰাবাদে।

এই বিজয়ৰে প্লে-অফৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰিছে দলটোৱে। ইতিমধ্যে বিগত মেচসমূহত শক্তিৰ উমান দাঙি ধৰিছে হায়দৰাবাদে।

উল্লেখ্য যে আজিৰ মেচখনত পোনতে বেট ধৰি পাঞ্জাৱে ৫উইকেট হেৰুৱাই ২১৪ ৰান সংগ্ৰহ কৰে। প্ৰভিস্মৰণে দললৈ সৰ্বাধিক ৭১ ৰানৰ বৰঙণি যোগায়। আনহাতে বিজয়লক্ষ্য আগতলৈ ইনিংছ আৰম্ভ কৰা হায়দৰাবাদে ১৯.১অ'ভাৰতে ২১৫ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in